23 C
Guwahati
Thursday, October 28, 2021
More

    হতাশাগ্ৰস্ত হিমন্ত: মুখ্যমন্ত্ৰী হ’ব নোৱাৰা হিমন্তক তূলাধুনা লুৰিণজ্যোতিৰ

    আছু, আলফা, ছালফা, কংগ্ৰেছ, বিজেপি কৰা হিমন্তই কালি AIUDFত যে যাব সেয়া ১০০ শতাংশ নিশ্চিত

    ‘হিমন্তই যিমানেই ডিঙিৰ সিৰ ফুলাই ফুলাই নিচিঞৰক কিয়,তেওঁ যে হতাশাত ভূগিছে সেয়া অসমৰ জনতাই ভালকৈ জানে। হিমন্তই যিমানেই চেষ্টা কৰিছে সিমানেই লক্ষ্যত উপনীত হ’ব পৰা নাই। ৫২ জনকৈ বিধায়কৰ স্বাক্ষৰ লৈয়ো মুখ্যমন্ত্ৰী হ’ব নোৱাৰিলে, গতিকে হতাশ হোৱাটো স্বাভাৱিক। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল বা হিমন্ত বিশ্বৰ পৰা লুৰিণজ্যোতিয়ে শিষ্টাচাৰ নিশিকে। শিষ্টাচাৰ যদি শিকিব লাগে অসমৰ জনতাৰ পৰা শিকিব।’ এই মন্তব্য আছুৰ সম্পাদক লুৰিণজ্যোতি গগৈৰ।

    লগতে ইয়াকো কয় যে, বিজেপি মন্ত্ৰী বিধায়কে ডনবস্কত পঢ়িব পাৰে। কিন্তু লুৰিণজ্যোতিয়ে অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়ি ক’ত কি ব্যাকৰণ ব্যৱহাৰ কৰিব লাগে সেয়া ভালকৈ শিকিছে। হিমন্তৰ দম আছে যদি, সাহস আছে আছুৰ উপ শাখা ছাত্ৰ সন্থাৰ লগত তৰ্কত অংশগ্ৰহণ কৰিবলৈ প্ৰত্যাহ্বান জনাইছে আছুৰ সম্পাদকগৰাকীয়ে। তিহাৰ জেলত যোৱাৰ ভয়ত বিজেপিত যোগ দিয়া হিমন্ত প্ৰকৃততে এজন ভয়াতুৰ। আছু, আলফা, ছালফা, কংগ্ৰেছ, বিজেপি কৰা হিমন্তই কালি AIUDFত যে যাব সেয়া ১০০ শতাংশ নিশ্চিত। আনহৈতে অসমৰ জনতাৰ সংগ্ৰামক ভয় খাই, অসমৰ জনতাৰ মুখামুখি হোৱাৰ সাহস গোটাব নোৱাৰি প্ৰধানমন্ত্ৰীয়েও অসম ভ্ৰমণ বাতিল কৰা বুলি কয় লুৰিণজ্যোতি গগৈয়ে।

    Photo: @abdulrajjak

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং