27 C
Guwahati
Wednesday, October 13, 2021
More

    CAAক লৈ উচ্চতম ন্যায়ালয়ত আজি প্ৰথম শুনানি

    নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত দাখিল হৈছে মুঠ ৫৯খন লেখ আৱেদন

    নাগৰিকত্ব সংশোধনী আইনক লৈ উচ্চতম ন্যায়ালয়ে আজি গ্ৰহণ কৰিব প্ৰথমটো শুনানি। মুখ্য ন্যায়াধীশ এছ এ ববডে নেতৃত্বাধীন ৩ জনীয়া বিচাৰপীঠে গ্ৰহণ কৰিব গোচৰৰ শুনানি। বিচাৰপীঠত আছে ন্যায়াধীশ বি আৰ গভাই আৰু ন্যায়াধীশ সূৰ্যকান্ত।

    নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত দাখিল হৈছে মুঠ ৫৯খন লেখ আৱেদন। অসমৰ লগতে দেশৰ বহু দল–সংগঠন তথা ব্যক্তিয়ে নিজাববীয়াকৈ আইনখনৰ বিৰুদ্ধে দাখিল কৰিছিল আবেদন। উচ্চতম ন্যায়ালয়ে অসমৰ ভৱিষ্যৎ কেনেদৰে নিৰ্ণয় কৰে তাকে লৈ উৎকণ্ঠিত হৈ পৰিছে প্ৰতিজন অসমীয়া।

    Photo Credit : Scroll.In

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং