ভাৰতীয় বেডমিণ্টন ষ্টাৰ পি ভি সিন্ধুৱে BWF World Championshipত স্বৰ্ণ পদক জয়েৰে ৰচিলে ইতিহাস। এই প্ৰতিযোগিতাত একেৰাহে ৩টা মেডেলেৰে মুঠ ৫টা মেডেল দখল কৰিবলৈ সক্ষম হয় ভাৰতীয় শ্বাটলাৰগৰাকী।

প্ৰথমবাৰৰ বাবে সিন্ধুৱে ডাঙৰ টুৰ্ণামেণ্টত স্বৰ্ণ জয় কৰিছে। জাপানৰ ন’জোমী অকুহাৰাক ২১-৭, ২১-৭ ছেটত পৰাস্ত কৰে।
দুবছৰে ৱৰ্ল্ড চেম্পিয়নশ্বীপৰ ফাইনেলৰ জয়ৰ মুখ দেখিবলৈ পোৱা নাছিল সিন্ধুৱে। লগতে ৰিঅ’ অলিম্পিকৰ ফাইনেলতো পৰাজয় বৰণ কৰিবলগীয়া হৈছিল।
ভাৰতীয় শ্বাটলাৰগৰাকীৰ সফলতাত শুভেচ্ছা জ্ঞাপন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
দেশলৈ গৌৰৱ কঢ়িয়াই অনা পি ভি সিন্ধুক শুভেচ্ছা জনাইছে কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱেও।