28 C
Guwahati
Thursday, October 28, 2021
More

    আকৰ্ষণীয় অফাৰ! স্মাৰ্টফোন ক্ৰয় কৰক বিনামূলীয়াকৈ লাভ কৰক পিয়াঁজ

    এজন গ্ৰাহকে ক'লে যে, এই অফাৰৰ পিছত তেওঁ দোকানত গৈ নতুন স্মাৰ্টফোন ক্ৰয় কৰিছে আৰু লগতে মই বিনামূলীয়াকৈ লাভ কৰিলো এক কেজি পিয়াঁজ

    দেশত বৃদ্ধি হোৱা পিয়াঁজৰ মূল্য জ্বলা-কলা খুৱাইছে সাধাৰণ জনতাক। বেছিভাগ ৰাজ্যতে পিয়াঁজৰ দৰে চুইছে প্ৰতিকেজিত ১০০ টকাতকৈও অধিক। এইসময়তে তামিলনাডুৰ পট্টুকোট্টইত এজন মোবাইল বিক্ৰী কৰা দোকানীয়ে নিজৰ দোকানৰ স্মাৰ্টফোন বিক্ৰী কৰিবলৈ এটা আকৰ্ষণীয় উপায় অৱলম্বন কৰিছে। দোকানীজনে তেওঁৰ দোকানৰ পৰা ক্ৰয় কৰা স্মাৰ্টফোনৰ সৈতে বিনামূলীয়াকৈ পিয়াঁজ দিয়াৰ কথা ঘোষণা কৰিছে।

    এছটিআৰ মোবাইল নামৰ দোকানখনৰ স্বত্ত্বাধিকাৰী সতীশ অলে ঘোষণা কৰিেল যে যিসকল লোকে তেওঁৰ দোকানৰ পৰা স্মাৰ্টফোন ক্ৰয় কৰিব তেঁওলোকক ১ কেজি বিনামূলীয়াকৈ প্ৰদান কৰিব। লগতে তেও ক’লে যে, ‘মই জনতাৰ বাবে কিবা কৰিব বিচাৰো।’ পিয়াঁজৰ দৰ বৃদ্ধি হোৱাৰ লগে লগে মই ভাবিলো যে এইটো ভাল উপায় হ’ব। যদি আপুনি এটা স্মাৰ্টফোন ক্ৰয় কৰে তেন্তে আমি ১ কেজি পিয়াঁজ বিনামূলীয়াকৈ প্ৰদান কৰিম।’

    দোকানখনৰ মালিক সতীশ অলে ক’লে যে, এই প্লেন ঘোষণা কৰাৰ পিছতে ৰাইজে খুব ভাল প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। দোকানত নতুন ফোন ক্ৰয় কৰিবলৈ অহা এজন গ্ৰাহকে ক’লে, ‘মই এটা নতুন স্মাৰ্টফোন বিচাৰো আৰু লগতে এইটো সাধাৰণ কথা যে ঘৰত পিয়াঁজৰ প্ৰয়োজন হৈয়ে থাকে। মোৰ এখন হাতত নতুন স্মাৰ্টফোন আৰু আনখন হাতত ১ কেজি পিয়াঁজ। বৃদ্ধি হোৱা পিয়াঁজৰ মূল্যই এইটো সূচাইছে যে এইটো মোৰ কাৰণে জীৱনত জয় হোৱা এটা ক্ষণ।

    এফালে আন এজন গ্ৰাহকে ক’লে যে, এই অফাৰৰ পিছত তেওঁ দোকানত গৈ নতুন স্মাৰ্টফোন ক্ৰয় কৰিছে আৰু লগতে মই বিনামূলীয়াকৈ লাভ কৰিলো এক কেজি পিয়াঁজ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং