25 C
Guwahati
Wednesday, October 20, 2021
More

    কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন জুই, ছাৰখাৰ কৰি গৈছে এফালৰ পৰা বননি

    এলেকাটোৰ পৰা বন্যপ্ৰাণী সমূহ আঁতৰাই পঠিয়াইছে বনকৰ্মীয়ে

    কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন জুই৷ জুইৰ লেলিহান শিখাই এফালৰ পৰা দাহ কৰি গৈছে কাজিৰঙাৰ বননি৷ জ্বলিছে খাগৰি, ইকৰা, বিৰিণা৷ নিমিষতে জ্বলি ছাৰখাৰ হৈ গৈছে ওখ চাপৰ সকলো গছ বিৰিখ৷

    প্ৰকৃততে এয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ কণ্ট্ৰল বাৰ্ণিঙৰ দৃশ্য৷ প্ৰতিবছৰে ফ্ৰেব্ৰুৱাৰী মাহৰ শেষ ভাগৰ পৰা মাৰ্চ মাহ পৰ্যন্ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই তৃণভূমি সংৰক্ষণৰ বাবে কৰে কণ্ট্ৰল বাৰ্ণিং। বিশেষ ভাৱে খৰালি সময়চোৱাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ তৃণভূমি সমূহ শুকাই যোৱাৰ ফলত তৃণভোজী বনৰীয়া জীৱ জন্তুৰ খাদ্যৰ অনুপযোগী হৈ পৰে৷

    তদুপৰি শুকান ঘাঁহবনে তৃণভূমিত তৰপৰ সৃষ্টি কৰি নতুন ঘাঁহ বন ওলোৱাতো বাধাৰ সৃষ্টি কৰে৷ গতিকে ৰাষ্ট্ৰীয় উদ্যানখনৰ এই প্ৰতিকুল পৰিৱেশৰ উপশম ঘটাবলৈ শুকান ঘাঁহ বন বোৰ জ্বলাই দিয়া হয়৷ যাতে বৰষুন পৰাৰ লগে লগে নতুনকৈ ঘাঁহ বন ওলাই বন্যপ্ৰাণীৰ খাদ্যৰ বাবে অনুকুল পৰিবেশৰ সৃষ্টি হয়৷

    আনহাতে প্ৰতি বছৰে বৃদ্ধি পাই অহা শিমলু গছৰ সংখ্যাই ৰাষ্ট্ৰীয় উদ্যান খনত সমস্যাৰ সৃষ্টি কৰিছে৷ কাৰণ একো একোটা বৃহৎ এলেকা শিমলু গছে ছানি ধৰাত পৰ্যাপ্ত তৃণভূমিৰ অভাৱ পৰিলক্ষিত হৈছে ৰাষ্ট্ৰীয় উদ্যানখনত৷ গতিকে শিমলুৰ ঘন কাঠনি অংশও ইয়াৰ মাজতে জ্বলাই দিয়াৰ ব্যৱস্থা কৰিছে উদ্যান কৰ্তৃপক্ষই৷

    অৱশ্যে এই দহন প্ৰক্ৰিয়াত বন্যপ্ৰাণীৰ ক্ষতি নহ’বৰ বাবে সাৱধানতা অৱলম্বন কৰিছে বনকৰ্মীয়ে৷ বন্যপ্ৰাণীৰ ক্ষতি নোহোৱাকৈ একো একোটা অংশতহে কৰা হৈছে অগ্নি সংযোগ৷ অগ্নি সংযোগ কৰাৰ পূৰ্বে এলেকাটোৰ পৰা বন্যপ্ৰাণী সমূহ আঁতৰাই পঠিয়াইছে বনকৰ্মীয়ে৷

    উল্লেখ্য তৃণভূমি সংৰক্ষণৰ স্বাৰ্থত শুকান ঘাঁহবন বা ক্ষতিকাৰক বৃক্ষ আঁতৰাই দিয়াটো অতি প্ৰয়োজনীয়৷ কিন্তু অগ্নি সংযোগৰ সময়ত ডাঙৰ বন্যপ্ৰাণী সমূহ আঁতৰাই লোৱা হয় যদিও বহু পক্ষী বা সৰীসৃপ জাতীয় প্ৰাণী জুইত জাহ যাব লগিয়া হয় বুলি একাংশ প্ৰকৃতি প্ৰেমীয়ে অভিযোগ উত্থাপন কৰিছে৷ প্ৰকৃতি প্ৰেমীৰ আহ্বান বন বিভাগে এই প্ৰক্ৰিয়া সলনি কৰি আধুনিক প্ৰযুক্তিৰ সন্ধান কৰক৷

    Photo Credit: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং