26 C
Guwahati
Thursday, September 29, 2022
More

    ৰৈ থকা ৰে’লত লাগিল জুই, নতুন দিল্লীত সংঘটিত হৈছে এই ঘটনা

    শুকুৰবাৰে হঠাৎ জ্বলি উঠে ৰাজধানী দিল্লীৰ ৰে'লৱে ষ্টেচনত ৰৈ থকা চণ্ডীগড়-কোচুবেলী এক্সপ্ৰেছৰ ডবা

    শুকুৰবাৰে নতুন দিল্লীৰ ৰে’লৱে ষ্টেচনত সংঘটিত হ’ল অগ্নিকাণ্ডৰ ঘটনা। প্লেটফৰ্ম নম্বৰ ৮ত ৰৈ থকা চণ্ডীগড়-কোচুবেলী এক্সপ্ৰেছৰ ডবাত জুইৰ সূত্ৰপাত। ঘটনাস্থলীত ৪ খন অগ্নিনিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ নিৰ্বাপন কৰে জুই। ঘটনাটোৰ পিছত ষ্টেচনটোত হাহাকাৰৰ সৃষ্টি হয়।

    ৰে’লখনৰ পাৱাৰ কাৰ ডৱাত জুইৰ সূত্ৰপাত হয়। পাৱাৰ কাৰ ডৱাৰ মেৰামতিৰ বাবে ৰে’লখন হজৰত নিজামুদ্দীন ষ্টেচনলৈ প্ৰেৰণ কৰা হয়। শুকুৰবাৰে দুপৰীয়া প্ৰায় ২ বজাত সংঘটিত হৈছিল এই বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা।

    ঘটনা সন্দৰ্ভত কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী পীয়ুষ গোয়েলৰ টুইট।

    Photo Credit: aajtak.intoday.in

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং