28 C
Guwahati
Wednesday, October 27, 2021
More

    Breaking: শিলচৰত জীৱন্তে অগ্নিদগ্ধ হৈ ৩ বছৰীয়া শিশুৰ মৃত্যু, মৃত্যুৰে যুঁজিছে মহিলাই

    অগ্নিনিৰ্বাপক বাহিনীয়ে আহি উদ্ধাৰ কাৰ্যত নামে কিন্তু তাৰআগতে জুইৰ লেলিহান শিখাত দগ্ধ হৈ জীৱন্তে জাহ যায় ৰত্নদীপ

    শিলচৰত ভয়ংকৰ অগ্নিকাণ্ড৷ জীৱন্ত অগ্নিদগ্ধ হৈ মৃত্যুক সাৱটিলে এটি তিনি বছৰীয়া শিশুৱে৷ চহৰৰ মাজমজিয়াৰ অম্ভিকাপট্টী পইন্টৰ এটা ফ্লেটত অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হৈছে৷ ঘটনাত গুৰুতৰভাৱে আহত হৈছে এজনী মহিলা৷ কেইবামহলীয়া অট্টালিকাৰ চাৰি নম্বৰ মহলীয়াৰ ২২ নম্বৰ ফ্লেটত হঠাৎ জুই লাগে৷ ঘটনাৰ সময়ত ঘৰত আছিল ৰত্নদীপ নাথ নামৰ তিনি বছৰীয়া শিশুসহ শিপ্তি নাথ নামৰ এজনী মহিলা৷ দুয়ো জুইৰ উমান পুৱাৰ আগতেই জুইয়ে ছানি ধৰিছিল সমগ্ৰ ঘৰখন৷ কাষৰ আৱাসীসকলে ঘটনা প্ৰত্যক্ষ কৰি খবৰ দিয়ে অগ্নিনিৰ্বাপক বাহিনীক।

    অগ্নিনিৰ্বাপক বাহিনীয়ে আহি উদ্ধাৰ কাৰ্যত নামে কিন্তু তাৰআগতে জুইৰ লেলিহান শিখাত দগ্ধ হৈ জীৱন্তে জাহ যায় ৰত্নদীপ৷ আৰক্ষীয়ে ৰত্নদীপৰ মৃতদেহ উদ্ধাৰ কৰে৷ লগতে শিপ্তি নাথ নামৰ মহিলাগৰাকীক গুৰুতৰভাৱে আহত অৱস্থাত উদ্ধাৰ কৰে৷ প্ৰত্যক্ষদৰ্শীৰ মতে শৰীৰৰ প্ৰায় ৯০% অগ্নিদগ্ধ গৈছে মহিলাগৰাকীৰ৷ শিলচৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হৈছে৷ ৰত্নদীপ চহৰৰ কলেজিয়েট স্কুলৰ নাৰ্ছাৰিৰ ছাত্ৰ৷ এইবাৰৰ পৰাই স্কুলৰ জীৱন আৰম্ভ হৈছিল ৰত্নদীপৰ৷ ঘটনাৰ সময়ত ৰত্নদীপে ঘৰত টিভি চাই আছিল৷ মাতৃ জলসম্পদ বিভাগৰ কৰ্মী ছৰবৰী নাথ। ছৰবৰী নাথ সেইসময়ত আছিল কৰ্মক্ষেত্ৰত৷ পিতৃ ৰামেন্দু নাথ ব্যৱসায় সুত্ৰে চহৰৰ বাহিৰত আছিল৷ অগ্নিকাণ্ডৰ সঠিক কাৰণ জানিব পৰা হোৱা নাই যদিও প্ৰাথমিকভাৱে আৰক্ষীয়ে শ্বৰ্ট ছাৰ্কিটৰ ফলতে অগ্নিকাণ্ড হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং