22 C
Guwahati
Tuesday, October 26, 2021
More

    একে সময়তে দুটা অগ্নিকাণ্ডৰ ঘটনাই বিস্তৰ ক্ষতিসাধন কৰিলে নলবাৰীত

    ভাৰতীয় ষ্টেট বেংককে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে বহু দোকান পোহাৰৰে গিজগিজাই থকা থানা চকৰ ৰাজপথ বহু সময় ধৰি বন্ধ হৈ পৰে

    পাইকাৰকুছিত ৰাজপথৰ ওপৰত জ্বলিল চলন্ত ট্ৰাক৷ আনহাতে,নলবাৰী সদৰ থানাৰ সন্মুখত নিমন্ত্ৰণ হোটেলত শ্বৰ্টশ্বাৰ্কিটৰ ফলত অগ্নিকাণ্ড৷ উল্লেখযোগ্য যে সোমবাৰে দিনৰ ভাগত নলবাৰীত সংঘটিত দুটা অগ্নিকাণ্ডই এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি কৰে৷ প্ৰথমে নলবাৰীৰ পাইকাৰকুছি চ’কত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত চলন্ত ট্ৰাকত যান্ত্ৰিক বিজুতিৰ ফলত ট্ৰাকখন জ্বলি উঠে৷ লগে লগে অঞ্চলটোত এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয়৷ অৱশ্যে কিছু সময় পিচতে ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপিত কৰে৷ অগ্নিদগ্ধ হোৱা ট্ৰাকখনৰ নম্বৰ AS-25-CC-8473৷

    আনহাতে,ঠিক সমসাময়িকভাৱে নলবাৰী চহৰৰ প্ৰাণকেন্দ্ৰ স্বৰূপ নলবাৰী থানা চ’কৰ নিমন্ত্ৰণ হোটেলত এক হুৱাদুৱা পৰিস্থিতিৰ সৃষ্টি হয়৷ আতংকিত হৈ পৰে গ্ৰাহক তথা হোটেলখনৰ কৰ্মচাৰীসকল৷ হঠাৎ জুয়ে আগুৰি ধৰে হোটেলখনৰ বহুকেইটা কোঠা৷ এই খবৰত সমগ্ৰ অঞ্চলটোতে আতংকই বিৰাজ কৰে৷ লগে লগে আৰক্ষী আৰু ৰাইজৰ সহায়ত নিমন্ত্ৰণ হোটেলৰ লগতে গাতে লাগি থকা উৰুলি,লুইত,পদ্মৰাগকে ধৰি চাৰি পাঁচখন হোটেলৰ LPG চিলিণ্ডাৰ সমূহ বাহিৰলৈ উলিয়াই আনে৷

    ইফালে ঘটনাস্থলীত উপস্থিত হয় তিনিখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী৷ অৱশেষত জুই নিৰ্বাপিত হোৱাতহে সকলোৱে উশাহ ঘূৰাই পোৱাৰ নিচিনা হয়৷ ভাৰতীয় ষ্টেট বেংককে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে বহু দোকান পোহাৰৰে গিজগিজাই থকা থানা চকৰ ৰাজপথ বহু সময় ধৰি বন্ধ হৈ পৰে৷ শ্বৰ্টশ্বাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হৈছে৷

    Photo Credit:@hirakdeka

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং