নগাঁৱৰ আমোলাপট্টিত ভয়ংকৰ অগ্নিকাণ্ড। যুৱ কংগ্ৰেছৰ ৰাজ্যিক সম্পাদক মৃণাল হাজৰিকাৰ ঘৰত অগ্নিকাণ্ড।

প্ৰতিবেশী মুকুল বৰাৰ ঘৰৰ পৰা বিয়পিছিল জুই। জুইয়ে মূহুৰ্ততে ছানি ধৰে মৃণাল হাজৰিকাৰ বাসগৃহ।

লক্ষাধিক টকাৰ সা-সম্পত্তি জুইত জাহ যোৱাৰ সন্দেহ। ক্ষয় ক্ষতিৰ পৰিমাণ জানিব পৰা হোৱা নাই। তিনিখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰে জুই নুমোৱাৰ চেষ্টা।