26 C
Guwahati
Sunday, September 25, 2022
More

    দুভাগত বিভক্ত হোৱাৰ দিশে অসম, বড়োলেণ্ডৰ বাবে পৃথক ৰাজ্যৰ ব্লুপ্ৰিণ্ট সাজু!

    NDFBৰ লগত হোৱা আলোচনা মৰ্মে গঠন হ'ব বড়োলেণ্ড ইউনাইটেড টেৰিটৰিয়েল কাউন্সিল

    সাজু হৈছে অসম বিভাজনৰ ব্লুপ্ৰিণ্ট। দীৰ্ঘম্যাদী বড়ো সমস্যা সমাধানৰ নামত অসমৰ ভিতৰতে পৃথক ৰাজ্যৰ ব্লুপ্ৰিণ্ট সাজু দিল্লীত! ৰাজ্যৰ সমমৰ্যদাৰে গঠন হ’বলৈ হৈ আছে বড়োলেণ্ড ইউটিচি। এনডিএফবিৰ লগত হোৱা আলোচনা মৰ্মে গঠন হ’ব এই ইউনাইটেড টেৰিটৰিয়েল কাউন্সিল। অৰ্থাৎ কেন্দ্ৰীয় শাসিত পৰিষদলৈ উন্নীত হোৱাৰ দিশে BTC। যদিহে এই চুক্তি সম্পন্ন হয় তেন্তে বড়ো স্বায়ীত্ব শাসিত অঞ্চলৰ থাকিব নিজা ৰাজনৈতিক, অৰ্থনৈতিক আৰু আইনী ক্ষমতা।

    ৰাজ্যবাসী ‘কা’ বিৰোধী আন্দোলনত ব্যস্ত থকাৰ সময়তে চৰ্চা চলিছে এই ইউটিচিৰ। এনডিএফবিৰ চাৰিটা গোটৰ সন্মতি হ”লেই স্বাক্ষৰ হ’ব এই বিভাজন চুক্তিৰ। ইতিমধ্যে এই আলোচনাৰ বাবে চাৰিসপ্তাহৰ অন্তৱৰ্তীকালীন জামিন ৰঞ্জন দৈমাৰীৰ। আনহাতে বৰ্তমানলৈ বড়ো সংগঠনৰ নেতৃত্বই এই সন্দৰ্ভত কোনো তথ্য সদৰি নকৰিলেও বড়ো ৰাইজৰ মাজত পৰিলক্ষিত হৈছে উল্লাস। বিপৰীতে ক্ষুব্ধ হৈ পৰিছে প্ৰস্তাবিত ইউটিচিৰ অনাবড়ো সকল।

    কেন্দ্ৰীয় শাসিত পৰিষদ গঠন হোৱাৰ পিছতে এই অঞ্চলত বৰ্তমানৰ বিটিএডিৰ লগতে অন্য কেতবোৰ অঞ্চল সামৰি লোৱা হ’ব, লগতে গঠিত হ’ব কেইবাখনো নতুন জিলা! ইউটিচিৰ বাবে সুকিয়া বিধানমণ্ডলো থাকিব আৰু ইয়াত ৬৫%আসন জনজাতিৰ বাবে আৰু বাকী আসন মুকলি থাকিব! ইউটিচিত অসম লোকসেৱা আয়োগৰ দৰে সুকিয়া আয়োগো গঠন কৰা হ’ব।

    অৰ্থাৎ সম্পূৰ্ণ কেন্দ্ৰীয় শাসিত ৰাজ্যসমূহৰ মৰ্য্যাদা দি অসমৰ ভিতৰতে গঠন হ’ব এক সুকীয়া ৰাজ্য!

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং