বুধবাৰে বিপিএফ দলৰ জেষ্ঠ্য নেত্ৰী তথা অসম চৰকাৰৰ সমাজ কল্যান বিভাগৰ মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মই আগন্তুক বিটিচি নিৰ্বাচনত মিত্ৰজোঁটৰ বিজেপি দলক চাৰিখন আসন আৰু অগপক এখন আসন এৰি দিব বুলি মন্তব্য কৰাৰ কথা সংবাদ মাধ্যমত প্ৰচাৰ হৈছিল। ব্ৰহ্মই কোৱাৰ পিছতে মন্ত্ৰী ভাৱেশ কলিতাৰ মন্তব্য, কিমান আসনত প্ৰতিদ্বন্দিতা কৰিব সেয়া বিজেপি নেতৃত্বই ল’ব সিদ্ধান্ত।
মিত্ৰজোঁটৰ বিজেপি দলে কিন্তু ২০১৯ বৰ্ষত সমগ্ৰ বিটিচিত সদস্য ভৰ্তি অভিযানৰ দ্বাৰা নিজ দলৰ সদস্য বৃদ্ধি কৰাত উঠি পৰি লাগিছিল। ইতিমধ্যে বিটিচি নিৰ্বাচনত বিজেপি দলৰ জিলা সমিতি সমূহেও বিটিচিৰ নিৰ্বাচনত আটাইকেইখন আসনত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ বাবে ৰাজ্যিক নেতৃত্বৰ ওচৰত দাবী জনাই আহিছে।
এনে সময়ত কালি প্ৰমিলাৰাণী ব্ৰহ্মই বিটিচিত মাথো চাৰিখন আসন বিজেপি দলক এৰি দিব বুলি কৈছিল। আৰু এই ক্ষেত্ৰত অসম চৰকাৰৰ মন্ত্ৰী ভৱেশ কলিতাই কলে যে বিটিচি নিৰ্বাচনত কিমান খন আসনত প্ৰতিদ্বন্দিতা আগবঢ়াব সেয়া দলীয় নেতৃত্বই হে সিদ্ধান্ত ল’ব।
অসমৰ মুখ্যমন্ত্ৰী, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস আৰু হিমন্ত বিশ্ব শৰ্মা আছে এই ক্ষেত্ৰত তেওঁলোকে সিদ্ধান্ত ল’ব কিমান আসনত বিটিচি নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব। লগতে কলিতাই কলে বিপিএফ দলৰ সৈতে মিত্ৰতা অটুট থাকিব। বিগত লোকসভা নিৰ্বাচনত বিটিচিত থকা বিজেপি কৰ্মীয়ে প্ৰমিলা ৰাণীক সহায় কৰিছিল বুলি কৈ কলিতাই দোহাৰে যে বিটিচি পৰিষদ গঠনত বিজেপি দলে অংশ গ্ৰহণ কৰিব আৰু অংশীদাৰ হিচাপে থাকিব।
Photo Credit: Abhijit Talukdar and Time8