30 C
Guwahati
Wednesday, October 27, 2021
More

    প্ৰমোদ বড়োক বেপাৰী সজালে BTC প্ৰধান হাগ্ৰামা মহীলাৰীয়ে

    মহিলাৰ বাবে আসন সংৰক্ষণ থাকিব বিটিচি নিৰ্বাচনত

    সমাগত বিটিচি নিৰ্বাচনৰ বাবে ক্ৰমাৎ গৰম হৈ উঠিছে নিৰ্বাচনী বতাহ। আক্ৰমণ প্ৰত্যাক্ৰমণৰে তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ। আজি বাক্সাৰ কদমতলত আন্তৰ্জাতিক নাৰী দিৱসৰ অনুষ্ঠানত অংশ লৈ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে নাৰীসকলৰ অধিকাৰ অক্ষুন্ন ৰখাৰ কথা দোহাৰে।

    লগতে আগন্তুক বিটিচি নিৰ্বাচনত মহিলাৰ বাবে আসন সংৰক্ষণ থাকিব বুলি সদৰি কৰে বি টি চি প্ৰধান হাগ্ৰামা মহীলাৰীয়ে। লগতে আজি বাক্সাৰ বড়িমাখাত ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োৱে ৰাইজে বিচাৰিলে দেৱৰগাঁও পৰিষদীয় সমষ্টিৰ পৰা হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে কৰিব প্ৰতিদ্বন্দ্বিতা বুলি কোৱাৰ পিছতে সৰব হৈ পৰে হাগ্ৰামা।

    প্ৰমোদ বড়োৰ দৰে তেওঁ বেপাৰী নহয় বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। ইয়াৰোপৰি প্ৰমোদ বড়োৱে হাগ্ৰামা মহিলাৰীৰ সমষ্টিত নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলি কোৱা কথাৰ প্ৰত্যুত্তৰত কয়, ‘প্ৰমোদ বড়োৱে মোৰ সমষ্টিত নিৰ্বাচন খেলিলে মোৰ ভাল হ’ব। ৪০টা সমষ্টিৰ ৩৯ টা সমষ্টিত মই প্ৰচাৰ চলাবলৈ সুবিধা পাম”।

    Photo Credit: @nandaburathokichetry

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং