23.7 C
Guwahati
Thursday, October 6, 2022
More

    UTC বাতিলৰ দাবীৰে বন্ধৰ সৰ্বাত্মক ৰূপ বিটিএডিৰ বহু ঠাইত, টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত দল-সংগঠনৰ

    আজি পুৱা পাঁচ বজাৰ পৰা আহ্বান জনোৱা অনিৰ্দিষ্ট কালীন বন্ধৰ সময়ছোৱাত নামনি অসমৰ প্ৰায় সমূহ জিলাতে বন্ধৰ প্ৰভাৱ পৰিলক্ষিত হৈছে

    বিটিচিক UTCলৈ উন্নীত কৰিব বিচৰা কাৰ্যৰ বিৰোধিতাৰে কেবাটাও সংগঠনে ঘোষণা কৰা বন্ধৰ প্ৰভাৱ পৰিক্ষলিত হৈছে নামনি অসমৰ কেইবাঠাইতো। প্ৰতিবাদী জনতা তথা বহু দল-সংগঠন ওলাই আহিছে ৰাজপথলৈ। ৰাজপথৰ মাজতে টায়াৰ জ্বলাই এই প্ৰতিবাদ সাব্যস্ত কৰিছে কুমাৰীকাটা, তামুলপুৰ, ওদালগুৰি, বাক্সা, ঘগ্ৰাপাৰ, বঙাইগাঁও আদি বিভিন্ন ঠাইত।

    আজি পুৱা পাঁচ বজাৰ পৰা আহ্বান জনোৱা অনিৰ্দিষ্ট কালীন বন্ধৰ সময়ছোৱাত বিটিএডিৰ প্ৰায় সমূহ জিলাতে বন্ধৰ প্ৰভাৱ পৰিলক্ষিত হৈছে৷ বন্ধৰ সময়ছোৱাত দোকান পোহাৰ, বেংক, চৰকাৰী কাৰ্যালয়ৰ লগতে পথত যান বাহনৰ চলাচলো সম্পূৰ্ণৰুপে বন্ধ৷

    আজি পুৱাই বাক্সা জিলাৰ শালবাৰী মহকুমাৰ একাংশ লোকে ভৱানীপুৰ-মানাস সংযোগী পথত টায়াৰ জ্বলাই UTC গঠনৰ তীব্ৰ বিৰোধিতা কৰে৷ প্ৰতিবাদকাৰী সকলে UTC বন্ধ কৰক, কেন্দ্ৰ চৰকাৰ হায় হায়, অসম চৰকাৰ হায় হায় আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে৷

    কুমাৰীকাটাতো ৰঙিয়া-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি টায়াৰ জ্বলাই প্ৰতিবাদ কেইবাটাও দল-সংগঠনৰ। UTCৰ বিৰোধিতাৰে আক্রছুৰ লগতে বিভিন্ন দল সংগঠনে আহ্বান জনোৱা অসম বন্ধৰ প্ৰতি সমৰ্থন জনাই কুমাৰীকাটা আঞ্চলিক এবিএমছু, আক্ৰাছু কুমাৰীকাটা আঞ্চলিক অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদ, কোঁচ ৰাজবংশী সন্মিলনী, কুমাৰীকাটা আঞ্চলিক আটছাৰ সদস্য ওলাই আহে। প্ৰতিবাদৰ সমান্তৰালকৈ বন্ধৰ প্ৰভাৱো সৰ্বাত্মক ভাৱে পৰিছে তামুলপুৰ ভিন্ন প্ৰান্তত। তামুলপুৰ সদৰৰ লগতে, কুমাৰীকাটা, নাগ্ৰিজুলি, কাউলী, দৰঙামেলাকে আদি কৰি প্রান্তে প্ৰান্তে বন্ধৰ সৰ্বাত্মক প্ৰভাৱ।

    UTC প্ৰতিবাদত ওদালগুৰি জিলাতো বন্ধ সৰ্বাত্মক ৰূপত প্ৰভাৱ লগতে ব্যাপক প্ৰতিবাদ। UTC গঠনৰ প্ৰতিবাদত অবড়ো সুৰক্ষা সমিতিয়ে দিয়া বিটিএডি বন্ধৰ সমৰ্থনত ওলাই আহে প্ৰতিবাদকাৰী। ৰাতিপুৱা একাংশ লোকে মঙলদৈ-ভূটিয়াচাং পথৰ টংলাৰ ৰাজপথত টায়াৰ জ্বলাই ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে। ইতিমধ্যে জিলা খনৰ কলাইগাওঁ, টংলা, পানেৰী, হৰিশিঙা, ডিমাকুচী আদি ঠাইত বন্ধৰ প্ৰভাৱ দেখা গৈছে।

    তামুলপুৰ-ঘগ্ৰাপাৰ পথতো টায়াৰ জ্বলাই UTCৰ প্ৰতিবাদ কোচৰাজবংশী ছাত্ৰ সন্থাৰ। কোনো কাৰণতে তামুলপুৰৰ অবড়ো ৰাইজে UTC মানি নলয় বুলি স্পষ্ট কৰি দিয়ে।

    Inputs and photo: Abhijit Talukdar, Dipak Deka, Prasanta Ray, Nanda Budathoki Chetry

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং