জম্মু কাশ্মীৰৰ পলেৰাত সীমা সুৰক্ষা বাহিনীত ছমাহ পূৰ্বে যোগদান কৰা অসমৰ ৰাজীৱ লাহন কিছুদিন পূৰ্বে কোৱাৰাইণ্টান হৈছিল। আৰু সেই কোৱাৰাইণ্টাইন চেণ্টাৰতে আত্মহত্যা কৰে জোৱানগৰাকীয়ে। পিছে পৰিলায়ৰ লোকে মানি লব পৰা নাই এই আত্মহত্যাৰ কথা। দুপৰীয়ালৈ পৰিয়ালৰ পৰিয়ালৰ লোকৰ লগত ভালদৰে কথা পাতি থকা লোকজনে হঠাৎ কিয় এনে এক পদক্ষেপ উঠাব।
এই ঘটনাই এতিয়া শিৱসাগৰৰ দিচাং ধাই আলি গাঁও পঞ্চায়তৰ অন্তৰ্গত জয়াপাৰৰ সমীপৰ ২ নং চাউলকৰা বামবাৰীত শোকৰ ছাঁ পেলাইছে।দেশৰ সীমা সুৰক্ষা বাহিনীত কর্মৰত এজন জোৱানে জম্মু কাশ্মীৰৰ পলেৰা নামৰ ঠাইত কোৱাৰেন্টাইন চেন্টাৰত আত্মহত্যা কৰাৰ ঘটনাই জোকাৰি গৈছে এতিয়া বৃহত্তৰ জয়াপাৰ অঞ্চল।
ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল ৰাজীৱ। কালি দুপৰীয়াৰ লৈকে পত্নীৰ লগত ফোনত ভিডিঅ’ কলিং কৰি কথাও পাতিছিল। পিছে বিয়লি হঠাৎ ফোন এটা আহে কাশ্মিৰৰ পৰা আৰু তেতিয়াই জনাই আত্মহত্যাৰ কথা। বাথৰূমত উলমি থকা অৱস্থাত পোৱা গৈছে ৰাজীৱ লাহনৰ মৃতদেহ।
কিন্তু এই ঘটনা সহজে মানি ল’ব পৰা নাই ৰাজীৱৰ পিতৃ-মাতৃ তথা পত্নীয়ে। উচিত তদন্তৰ দাবী কৰে দুৰ্ভগীয়া বৃদ্ধ পিতৃয়ে। ২০০৭ চনত চাকৰিত যোগদান কৰা ভাৰতীয় সেনা বাহিনীৰ বি এচ এফ ৯৮ ৰেজিমেন্টেৰ ৰাজীৱ লাহনে ছমাহ পূৰ্বে জম্মু কাশ্মীৰৰ পলেৰাত যোগদান কৰিছিল। ইয়াৰ পূর্বে তেওঁ কোচ বিহাৰত কর্মৰত আছিল। স্বভাৱত নম্র, পৰিয়ালৰ প্রতি দায়ত্বিশীল।
ইতিমধ্যে মৰোণত্তৰ পৰীক্ষাৰ অনন্ত জোৱানজনৰ মৃতদেহ অসমলৈ অনা হৈছে বুলি জানিব পৰা গৈছে। কাইলৈ অর্থাৎ ৩১ মে’ দেওবাৰে সন্ধিয়া ৬ বজা মানত নিজ গৃহ পাবহি ৰাজীৱ লাহনৰ মৃতদেহ। অতিকে নম্র স্বভাৱৰ ৰাজীৱ লাহনৰ আত্মহত্যাৰ ঘটনাই এতিয়া জোকাৰি গৈছে পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চল।
Photo Credit: @sanjaypareek