32 C
Guwahati
Friday, September 30, 2022
More

    NRCত নাম নাই অৱসৰপ্ৰাপ্ত BSF জোৱানৰ, ২২ বছৰ দেশৰ বাবে সেৱা আগবঢ়াইছিল লোকজনে

    ৰণজিৎ দাসৰ লগতে ২ পুত্ৰ ৰাজীৱ দাস আৰু গোপালকৃষ্ণ দাসৰ নাম বাদ পৰিল এন আৰ চিৰ পৰা

    ৩১ আগষ্টত প্ৰকাশ পালে NRCৰ পূৰ্ণাংগ তালিকা কিন্তু নাম অন্তৰ্ভুক্ত নহ’ল এগৰাকী অৱসৰপ্ৰাপ্ত BSF জোৱানৰ। ২২ বছৰে বিএছএফত সেৱা আগবঢ়াইছিল ৰণজিৎ দাস নামৰ লোকজনে। এই ঘটনা সংঘটিত হৈছে বৰপেটাত। NRC উন্নীতকৰণ প্ৰক্ৰিয়াত লোকজনৰ দুই পুত্ৰ জড়িত আছে যদিও এন আৰ চিৰ পৰা নাম বাদ পৰিল বৰপেটা চহৰৰ এই পৰিয়ালটোৰ সদস্যৰ নাম।

    পৰিয়ালটোৰ সদস্যসকলৰ নাম NRCত অন্তৰ্ভুক্ত নোহাৱাত এতিয়া চকুলো টুকিবলগীয়া হৈছে অৱসৰপ্ৰাপ্ত জোৱানগৰাকীয়ে। ‘অসমীয়া হোৱাৰ পিছতো যদি আমাৰ নাম নাহিল NRCত, তেন্তে ইয়াতকৈ আৰু আন কি দুখৰ কথা হব পাৰে৷’- মিডিয়াৰ আগত এই কথা প্ৰকাশ কৰিলে ভুক্তভোগী লোকজনে।

    ৰণজিৎ দাসৰ লগতে ২ পুত্ৰ ৰাজীৱ দাস আৰু গোপালকৃষ্ণ দাসৰ নাম বাদ পৰিল এনআৰচিৰ পৰা ৷

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং