ৰাজ্যৰ স্বাস্থ্য বিভাগত চৰম অৰাজকতা। GMCH কৰ্তৃপক্ষৰ চূড়ান্ত গাফিলতিৰ বাবেই বিনা চিকিৎসাই BSFজোৱানে মৃত্যু হোৱাৰ অভিযোগ।
কৰ’ণা পৰীক্ষাৰ ফলাফল নহাৰ বাবেই চিকিৎসা কৰা নহ’ল চন্দ্ৰপুৰৰ BSF জোৱান পিলিচন এন চাংমাৰ।
এই বুলি অভিযোগ উত্থাপন কৰে পৰিয়ালৰ লোকে।
মধুমেহ ৰোগত আক্ৰান্ত হৈ আছিল BSFৰ ১৮১ বেটেলিয়নৰ লেঞ্চ নায়ক মৃত পি এন চাংমা।
পঞ্জাৱত কৰ্মৰত পি এন চাংমাৰ বিনা চিকিৎসাই মৃত্যু হোৱা ঘটনাই জোকাৰণি তুলিছে দিল্লী-দিছপুৰত।
৩১ মে’ত ছুটী লৈ ঘৰলৈ আহিছিল পি এন চাংমা। ৪ জুনৰ পৰা সৰুসজাই কোৱাৰেণ্টাইন কেন্দ্ৰত কোৱাৰেণ্টাইন হৈ আছিল।
৬ জুনত চিকিৎসাৰ বাবে এম এম চি এইছলৈ স্থানান্তৰ কৰা চাংমাক ৭ জুনত উন্নত চিকিৎসাৰ বাবে জি এম চি এইছত ভৰ্তি কৰোৱা হৈছিল।
কিন্তু ক’ৰ’ণাৰ দোহাই দি স্বাৱ টেষ্টৰ ফলাফল নহা বাবেই প্ৰাথমিক চিকিৎসাৰ পৰা বঞ্চিত কৰা অসুস্থ চাংমাই ৮ জুনত মৃত্যুক সাৱটি লয়।
ৰাজ্যৰ স্বাস্থ্য বিভাগত সম্প্ৰতি চৰম অৰাজকতাই বিৰাজ কৰিছে।
ক’ৰ’ণা ভাইৰাছৰ দোহাই দি স্বাস্থ্য বিভাগে অন্য ৰোগত আক্ৰান্ত লোকৰ প্ৰতি প্ৰদৰ্শন কৰা চুড়ান্ত গাফিলতিত ৰাজ্যত প্ৰাণ গৈছে বহু লোকৰ।
চন্দ্ৰপুৰৰ গোৱৰ্ধনৰ গাৰোগাৱৰ পিলিচন এন চাংমা নামৰ বি এছ এফৰ ১৮১ বেটেলিয়নৰ লেঞ্চ নায়কগৰাকী দীৰ্ঘ দিন ধৰি পঞ্জাৱত নিয়োজিত হৈ থকাৰ পিছত দিল্লীলৈ স্থানান্তৰিত কৰা হৈছিল।
কিন্তু গুৰুতৰ ভাৱে মধুমেহ ৰোগত আক্ৰান্ত হৈ থকা বাবে চাংমাই ৬০ দিনৰ ছুটী লৈ ৩১ মে’ত ঘৰলৈ আহিছিল।
দিল্লীত দুৱাৰকৈ স্বাৱ টেষ্ট কৰাত ক’ৰ’নাৰ ফলাফল নিগেটিভ অহাত চাংমাই বিমান বন্দৰৰ পৰা পোনে পোনে চন্দ্ৰপুৰস্থিত বাসগৃহত উপস্থিত হৈছিল।
কিন্তু চুবুৰীয়াৰ লোকে আপত্তি কৰাত তেওঁক ৪জুনত সৰুসজাই কোৱাৰেণ্টাইন চেণ্টাৰলৈ প্ৰেৰণ কৰা হয়।
৪ জুনৰ পৰা সৰুসজাইত কোৱাৰেণ্টাইন হৈ থকা চাংমা হঠাৎ অসুস্থ হৈ পৰাত,
তেওঁক ৬ জুনত চিকিৎসাৰ বাবে মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাললৈ স্থানান্তৰ কৰা হয়।
পিছত ৭ জুনত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয়
যদিও ক’ৰ’ণা পৰীক্ষাৰ ফলাফল নহা বাবে প্ৰাথমিক চিকিৎসাৰ পৰাও বঞ্চিত কৰা হয় গুৰুতৰভাৱে অসুস্থ পি এন চাংমাক।
ইফালে ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে বি এছ এফৰ উৰ্দ্ধতম কৰ্তৃপক্ষৰ ওচৰত অভিযোগ দাখিল কৰাৰ পিছতে সম্প্ৰতি জোকাৰণি উঠিছে দিল্লী-দিছপুৰত।
ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকক এজাহাৰ দাখিল কৰিবলৈ পৰামৰ্শ প্ৰদান কৰিছে।
Photo: Time8