20 C
Guwahati
Saturday, January 29, 2022
More

    Breaking: কৰিমগঞ্জত কেম্পৰ ভিতৰতে আত্মহত্যা বিএছএফ জোৱানৰ

    ৪০ বছৰীয়া জোৱানজনৰ ঘৰ উত্তৰ প্ৰদেশৰ গাজিয়াবাদত

    চিপ লৈ আত্মহত্যা কৰিলে এগৰাকী বি.এছ.এফ জোৱানে। কৰিমগঞ্জ চহৰৰ মাইজডিহিত থকা ৭ নং বেটেলিয়ানৰ মুখ্য কাৰ্যালয়ৰ এলাকাত এই অঘটন সংঘটিত হয়। কেম্পৰ ভিতৰত এজোপা গছত উলমি থকা অৱস্থাত উদ্ধাৰ হয় জোৱান বিনোদ কুমাৰ গুপ্তাৰ মৃতদেহ।

    ৪০ বছৰীয়া জোৱানজনৰ ঘৰ উত্তৰ প্ৰদেশৰ গাজিয়াবাদত। মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ লৈ অনা হৈছে। পাৰিবাৰিক কন্দলৰ ফলতে জোৱানজনে আত্মহত্যা কৰিলে বুলি সন্দেহ সতীৰ্থৰ।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং