24 C
Guwahati
Thursday, October 21, 2021
More

    কৰ’ণা আতংকঃ ১২০ টকা কেজিৰ ব্ৰয়লাৰ মাংস ৭০-৮০ টকাত বিক্ৰী ডিব্ৰুগড়ত

    ব্যৱসায়ত লোকচানৰ সন্মুখীন হৈ মূৰে-কপালে হাত দিছে ব্ৰয়লাৰ মাংস ব্যৱসায়ীসকলে

    কৰ’ণা আতংকৰ এতিয়া বাৰুকৈয়ে প্ৰভাৱ পৰিছে ৰাজ্যৰ ব্ৰয়লাৰ মাংস বজাৰত। ব্ৰয়লাৰ মাংসই কৰ’ণা ৰোগ বিয়পোৱা বুলি একাংশই উৰাবাতৰি বিয়পোৱাৰ পিছত ডিব্ৰুগড়ত প্ৰতিদিনে হ্ৰাস পাইছে ব্ৰয়লাৰ মাংস বিক্ৰী। প্ৰতি কিল’গ্ৰাম ১২০ টকা পাইকাৰী মূল্যত বিক্ৰী হোৱা ব্ৰয়লাৰ এতিয়া ডিব্ৰুগড়ত বিক্ৰী হৈছে ৭০-৮০ টকা দৰত।

    তদুপৰি খুচুৰা বজাৰত প্ৰতি কিল’গ্ৰামত ৮০-৯০ টকা দৰত বিক্ৰী হৈছে ব্ৰয়লাৰ মাংস। ব্ৰয়লাৰ মাংস ব্যৱসায়ীসকলৰ দাবী প্ৰকৃততে যদি ব্ৰয়লাৰ মাংসই কৰ’ণা ভাইৰাছ বিয়পাইছে তেন্তে ব্ৰয়লাৰ বিক্ৰীৰ ক্ষেত্ৰত প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ব্যৱসায়ত লোকচানৰ সন্মুখীন হৈ মূৰে-কপালে হাত দিছে ব্ৰয়লাৰ মাংস ব্যৱসায়ীসকলে।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং