30 C
Guwahati
Wednesday, October 27, 2021
More

    ৰাজস্থানত কৰ’ণা ভাইৰাছত সংক্ৰমিত আন এজন; পনামাত প্ৰথমজন নিহত, আক্ৰান্ত ব্ৰিটেইনৰ স্বাস্থ্য মন্ত্ৰী

    তেওঁ ক'লে যে ৰাজ্যখনত কৰ'ণা ভাইৰাছত সংক্ৰমিত হোৱা এয়া তৃতীয়টো ঘটনা পোহৰলৈ আহিছে। পূৰ্বে এটা দম্পত্তী কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছিল

    ইউৰোপ ভ্ৰমণ কৰি আহি কৰ’ণা ভাইৰাছত সংক্ৰমিত হৈছে তুৰ্কীৰ এজন লোক। বুধবাৰে এই সন্দৰ্ভত স্বাস্থ্য মন্ত্ৰী ফহৰেতিন কোকাই ক’লে যে যিজন লোক কৰ’ণা ভাইৰাছত সংক্ৰমিত হোৱাৰ সন্দেহ আছিল, সেই লোকজনৰ ৰিপ’ৰ্ট পজিটিভ প্ৰকাশ পাইছে।

    ৰাজস্থানৰ জয়পুৰত এজন জ্যেষ্ঠ লোক সংক্ৰমিত হৈছে এই ভাইৰাছত। দ্বিতীয়টো ৰিপ’ৰ্টটো ডুবাইৰ পৰা ভ্ৰমণ কৰি অহা লোকজনৰ পজিটিভ পোৱা গৈছে।

    ৰাজস্থান স্বাস্থ্য বিভাগৰ অতিৰিক্ত মুখ্য সচিব ৰোহিত কুমাৰে ক’লে যে লোকজনৰ বয়স ৮৫ বছৰ আৰু মঙলবাৰে লোকজনৰ পৰীক্ষাৰ সময়ত লোকজনৰ প্ৰথমখন ৰিপ’ৰ্ট পজিটিভ আহিছিল। ৰিপ’ৰ্টটো নিশ্চিত কৰিবলৈ পুনৰ নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হ’ল। মঙলবাৰে নিশাও লোকজনৰ দ্বিতীয়টো ৰিপ’ৰ্ট পজিটিভ আহে।

    তেওঁ ক’লে যে ৰাজ্যখনত কৰ’ণা ভাইৰাছত সংক্ৰমিত হোৱা এয়া তৃতীয়টো ঘটনা পোহৰলৈ আহিছে। পূৰ্বে এটা দম্পত্তী কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছিল।

    সংক্ৰমিত জ্যেষ্ঠ লোকজনক এছএমএছ হাস্পতালৰ আইছ’লেচনত ৰখা হৈছে। ২৮ ফেব্ৰুৱাৰীত এই লোকজন ডুবাইৰ পৰা জয়পুৰলৈ ঘূৰি আহিছিল। লোকজন সোমবাৰে হাস্পতালত আহে আৰু তেওঁৰ দেহত লক্ষণ দেখা পোৱা যায়। প্ৰথমটো পৰীক্ষাৰ পিছত তেওঁৰ পত্নী আৰু পুত্ৰক হাস্পতালৰ আইছ’লেচন ৱাৰ্ডত ৰখা হৈছে।

    কৰ’ণা ভাইৰাছৰ বাবে মধ্য আমেৰিকাৰ দেশ পনামাত প্ৰথমজন লোকৰ মৃত্যু হোৱাৰ খবৰ পোহৰলৈ আহিছে। পনামাৰ স্বাস্থ্য মন্ত্ৰী ৰোজেৰিয় টাৰ্ণাৰে দেশখনত কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ ৮টা ঘটনা নিশ্চিত কৰিছে, এই ৮জনৰ ভিতৰত এজন নিহত।

    Photo credit: sky.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং