25 C
Guwahati
Thursday, October 21, 2021
More

    Breaking: চৰাইদেউত পুনৰ আটক আলফা স্বাধীনৰ সদস্য

    আটকাধীন আলফা যুগসূত্ৰকাৰীজনৰ নাম লক্ষেশ্বৰ বৰুৱা ওৰফে ধূপ সিং ওৰফে লবন অসম

    চৰাইদেউত পুনৰ আটক হৈছে আলফা স্বাধীনৰ এজন যুগসূত্ৰকাৰী। আটকাধীন আলফা যুগসূত্ৰকাৰীজনৰ নাম লক্ষেশ্বৰ বৰুৱা ওৰফে ধূপ সিং ওৰফে লবন অসম। চৰাইদেউ আৰক্ষী, সাপেখাতি আৰু বৰহাট ডাঙৰীকুমাৰ সেনা শিবিৰৰ যৌথ অভিযানত আটক তিনিচুকীয়া জিলাৰ বৰডুমচা থানাৰ অন্তৰ্গত নবজ্যোতিৰ বাসিন্দা লোকজন।

    চৰাইদেউ জিলাৰ দিল্লীঘাট অঞ্চলত আটক কৰা লোকজনৰ হাতৰপৰা এটা ৭.৬৫ এম এম পিষ্টল, জংঘল বুট, আৰু আলফা স্বাধীনৰ পতাকা উদ্ধাৰ হৈছে। আটকাধীন লোকজন আলফা স্বাধীনৰ প্ৰচাৰ সচিব অৰুণোদয় দহোটিয়াৰ হৈ বিভিন্ন সাংগঠনিক কাম-কাজত জড়িত থকাৰ কথা সন্দেহ প্ৰকাশ কৰিছে সেনাবাহিনীয়ে।

    inputs and photo : @hanssang kuwar

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং