26 C
Guwahati
Saturday, September 24, 2022
More

    Breaking: ৰাজপথত টেংকাৰ ৰখাই তেল চুৰি কৰি থাকোতে হাতে লোটে ধৰা পৰিল দুই চোৰ

    লখিমপুৰৰ অসম-অৰুনাচল সীমান্তত তেল চোৰৰ বৃহৎ ঘাটি। অৰুণাচলৰ IOC ৰ পৰা অহা তেলৰ টেংকাৰৰ পৰা নিতৌ চুৰি কৰা হয় বৃহৎ পৰিমানৰ তেল। লখিমপুৰৰ হাৰমতিৰ গোলাজুলিত প্ৰতিখন টেংকাৰ ৰখাই চুৰি কৰে তেল।

    তেনেকৈয়ে গোলাজুলিত টেংকাৰ ৰখাই তেল চুৰি কৰি থাকোতে আৰক্ষীৰ অতৰ্কিতে অভিযান। অভিযানত দুখনকৈ টেংকাৰসহ হাতে লোটে ধৰা পৰি আটক দুই চোৰ। চোৰ দুজন ক্ৰমে ঢকুৱাখনাৰ মুকুন্দ গোহাই আৰু বিহাৰৰ ভোলা চাহানী।

    অৰুণাচলৰ IOC ৰ পৰা অৰুণাচলৰ লংডিংলৈ লৈ গৈ আছিল তেলভৰ্তি টেংকাৰ দুখন। জব্দ কৰা টেংকাৰ দুখনৰ নং AS 01 EC 4748 আৰু AS 25 CC 9490।

    photo Credit: @hassinuralom

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং