‘কা’ বিৰোধিতাৰে যোৰহাটত মুণ্ডন কাৰ্যসূচী। সন্মিলিত লাচিত সেনাৰ কৰ্মকৰ্তা সকলে চুলি খুৰাই ‘কা’ বিৰোধিতাৰে সাব্যস্ত কৰে এই প্ৰতিবাদ। যোৰহাট জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী।
লাচিত সেনাৰ তিনিজন সদস্যই মুণ্ডন কৰি ‘কা’ বিৰোধীতা কৰে। বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে প্ৰতিবাদী সকলে পৰিৱেশ উত্তাল কৰি তোলে। ‘কা’ বাতিল নহ’লে তীব্ৰ গণতান্ত্রিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰতিবাদকাৰী সকলৰ।
Inputs And Photo: Rituraj Phukan