অসমক ভাৰতৰ পৰা বিচ্ছিন্ন কৰি দিব লাগে কৈ ৰাষ্ট্ৰদোহৰ গোচৰত অভিযুক্ত হৈছিল এজন যুৱক। ভাৰতবৰ্ষক বিভক্ত কৰাৰ কথা কৈছিল সেই যুৱকে। পিছে এনে মন্তব্য কাৰই কাল হৈ পৰিল পিছলৈ।
আত্মগোপন কৰিবলগা হৈছিল সেই ৰাষ্ট্ৰদোহৰ গোচৰত অভিযুক্ত যুৱক। দেশজুৰি তোলপাৰ লগোৱা সেই ৰাষ্ট্ৰদোহৰ গোচৰত অভিযুক্ত ছাৰ্জিল ইমামক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল দিল্লী আৰক্ষী।
দিল্লীৰ আৰক্ষীৰ সহযোগত অসমৰ বিৰুদ্ধে মাত মতা সেই ছাৰ্জিলক অসম আৰক্ষীয়ে আনিব অসমলৈ। ২০ ফেব্ৰুৱাৰীত গুৱাহাটীলৈ অনা হ’ব ছাৰ্জিল ইমামক। ব্ৰহ্মপুত্ৰ মেইলযোগে লৈ অনা হ’ব গুৱাহাটীলৈ।
২ বাজি ৩০ মিনিটত গুৱাহাটী আহি উপস্থিত হব ছার্জিল ইমাম। CJM আদালত হাজিৰ কৰোৱা হব ছার্জিল ইমামক। ১৪ দিনৰ আৰক্ষীৰ জিম্মাত বিচাৰিব অসম আৰক্ষীয়ে।
Photo Credit: the wire