22 C
Guwahati
Tuesday, October 26, 2021
More

    Breaking: তেজীমলা কাণ্ড, মাহীমাকে অত্যাচাৰ চলাই হত্যা কৰিলে কিশোৰীক

    পিতৃৰ মৃত্যুৰ পিছৰে পৰাই কন্যা ডিম্পীক বৰ্তমানৰ মাতৃ মমী কোঁৱৰে সঘনাই মাৰপিট কৰাৰ লগতে মানসিক নিৰ্যাতন চলাই আহিছিল

    তিনিচুকীয়া জিলাৰ ফিল’বাৰীৰ কৃষ্ণপুৰত জঘন্য হত্যাকাণ্ড। পুনৰ যেন জী উঠিল তেজিমলাৰ কাহিনী। মাহীমাকে হত্যা কৰিলে কন্যাক। দীৰ্ঘদিনৰ পৰা অত্যাচাৰ চলাই অৱশেষত আজি পুৱা হত্যা। মাহী মাক মমী কোঁৱৰে পৰিকল্পিতভাৱে হত্যা কৰিলে স্বামীৰ পূৰ্বৰ পত্নীৰ কন্যা তথা অষ্টম শ্ৰেণীৰ ছাত্ৰী ডিম্পী চাবুকধৰাক।

    উল্লেখ্য যে, এমাহপূৰ্বে পিতৃ ৰজনী চাবুকধৰাৰ স্বাস্থ্য জনিত কাৰণত মৃত্যু হৈছিল। স্থানীয় ৰাইজৰ ভাষ্য অনুসৰি পিতৃৰ মৃত্যুৰ পিছৰে পৰাই কন্যা ডিম্পীক বৰ্তমানৰ মাতৃ মমী কোঁৱৰে সঘনাই মাৰপিট কৰাৰ লগতে মানসিক নিৰ্যাতন চলাই আহিছিল। হত্যাকাৰী মাহীমাকৰ ফালৰ এটি পুত্ৰ সন্তান আছে আৰু সেই পুত্ৰত ভৱিষ্যত সুৰক্ষাৰ বাবেই এনেদৰে অত্যাচাৰ চলাইছিল ডিম্পীৰ ওপৰত।

    দানৱী মাতৃ মমী কোঁৱৰক ইতিমধ্যেই আটক কৰিছে আৰক্ষীয়ে। স্থানীয় ৰাইজে দোষীক কঠোৰ শাস্তিৰ দাবীৰে উত্তপ্ত কৰি তুলে ফিল’বাৰী থানাৰ চৌহদ। উল্লেখযোগ্য যে প্ৰথমে হত্যা কৰি পাছত আত্মহত্যা ৰূপ দিয়াৰ চেষ্টা কৰিছিল মাহীমাক মমী কোঁৱৰে।

    Photo: @abdulrajjak

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং