30 C
Guwahati
Friday, September 23, 2022
More

    Breaking: পৱন গুপ্তাৰ আৱেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

    জন্ম পত্ৰিকা অনুসৰি ঘটনাৰ সময়ত পৱনৰ বয়স আছিল ১৯ বছৰ

    নিৰ্ভয়া কাণ্ডৰ অপৰাধী পৱন গুপ্তাই কৰা ৰেহাই আৱেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ। আজি ন্যায়ালয়ে গ্ৰহণ কৰিছিল পৱনৰ ক্ষমা আৱেদনৰ শুনানি। পিছে পৱনৰ সেই আৱেদন খাৰিজ কৰি দিয়ে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। ইতিমধ্যে এই আৱেদন নাকচ কৰিছে দিল্লী উচ্চ ন্যায়ালয়েও।

    সেই জঘন্য অপৰাধ সংঘটিত কৰাৰ সময়ত পৱন নাৱালক আছিল। সেয়ে নিজকে নাৱালকৰ শাৰীত ৰাখি দোষমুক্ত ঘোষণা কৰিব লাগে নিৰ্ভয়া কাণ্ডৰ অপৰাধী পৱনক। এই বুলি উল্লেখ কৰি ক্ষমা আৱেদন দাখিল কৰিছে পৱন গুপ্তাই।

    পিছে আজিৰ শুনানিত উচ্চ ন্যায়ালয়ে পৱনৰ জন্ম পত্ৰিকা চাই এই আৱেদন নাকচ কৰে। পত্ৰিকা অনুসৰি ঘটনাৰ সময়ত পৱনৰ বয়স আছিল ১৯ বছৰ।

    Photo Credit: tv9

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং