29 C
Guwahati
Thursday, March 30, 2023
More

    Breaking: গীতানগৰ SBI শাখাত আৰক্ষীৰ জালত দুধর্ষ ডকাইত

    ডকাইতটোৰ পৰা আৰক্ষীয়ে নগদ ১৩,০০০ টকা আৰু এটা মোবাইল ফোন জব্দ কৰিবলৈ সক্ষম হয়


    গীতানগৰ আৰক্ষীৰ জালত হাতে লোটে ধৰা পৰে দুধর্ষ ডকাইত। গীতানগৰস্থিত ভাৰতীয় ষ্টেট বেংকৰ হাতীগড় শাখাত ডকাইতি কৰিবলৈ আহি আৰক্ষীৰ জালত পৰে ডকাইতটো।

    ধৃত ডকাইতটো বিহাৰৰ কাতিহাৰা জিলাৰ ৰৌতাৰাৰ অনুৰাগ সিং বুলি জানিব পৰা গৈছে। বেংকৰ শাখাটোত সোমাই ডকাইত জনে ৰহস্য জনক ভাৱে চলন ফুৰণ কৰি থকাত সন্দেহ ওপজে আৰক্ষীৰ।

    ইয়াৰ পিছতেই আৰক্ষীয়ে আটক কৰে ধৃত অনুৰাগ সিঙক কিন্তু ডকাইতজনৰ সৈতে থকা আন দুজন সহযোগী পলায়ন কৰিবলৈ সক্ষম হয়।

    ধৃত ডকাইতটোৰ পৰা গীতানগৰ আৰক্ষীয়ে নগদ ১৩,০০০ টকা আৰু এটা মোবাইল ফোন জব্দ কৰিবলৈ সক্ষম হয়। সম্প্ৰতি আৰক্ষীয়ে ধৃত অনুৰাগ সিঙক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।

    Photo: @smitaranideka

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং