27 C
Guwahati
Thursday, October 14, 2021
More

    Breaking: ঢেকিয়াজুলিত দিনডকাইতি, অস্ত্র দেখুৱাই কাঢ়ি নিলে ৩.২০ লাখ টকা

    ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত পালছাৰ বাইকত অহা দুই দুৰ্বৃত্তই চোকা অস্ত্ৰ দেখুৱাই মোনা কাটি ধনখিনি লৈ পলায়ন কৰে

    ঢেকিয়াজুলিৰ মাজমজিয়াত সংঘটিত হৈছে এক দিনডকাইতি ঘটনা৷ ঢেকিয়াজুলিৰ জ্যোতি চাৰ্ভিছ পেট্ৰ’ল ডিপোৰ মেনেজাৰৰ হাতৰ পৰা দুৰ্বৃত্তই চোকা অস্ত্র দেখুৱাই কাঢ়ি নিলে ৩ লাখ ২০ হাজাৰ টকা।

    ডিপোটোৰ মেনেজাৰে ধনখিনি লৈ চহৰখনৰ মাজমজিয়াতে থকা ইণ্ডিয়ান বেংকত জমা থবলৈ যোৱাৰ পথতে সংঘটিত হয় এই ঘটনা। ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত পালছাৰ বাইকত অহা দুই দুৰ্বৃত্তই চোকা অস্ত্ৰ দেখুৱাই মোনা কাটি ধনখিনি লৈ পলায়ন কৰে৷ ইতিমধ্য ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

    Photo Credit: Amal Nath

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং