29 C
Guwahati
Wednesday, October 13, 2021
More

    Breaking: চিকিৎসা কৰি উভতি অহা স্বামীক আনিবলৈ গৈ পত্নীৰ মৃত্যু

    মৃত মহিলাগৰাকী বিশ্বনাথ চাৰিআলিৰ দিৰিং পথাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী

    বিশ্বনাথ চাৰিআলিত সংঘটিত হয় এক শোকাবহ পথ দূৰ্ঘটনা৷ মুম্বাইত চিকিৎসা কৰি উভতি অহা স্বামীক ঘৰলৈ বুলি আনি থাকোতেই আদবাটতে মৃত্যু পত্নীৰ৷

    বিশ্বনাথ চাৰিআলিৰ সাধাৰুত অচিনাক্ত বাহনে পিছফালৰ পৰা খুন্দা মৰাৰ ফলতেই সংঘটিত হয় এই দুৰ্ঘটনাটো৷ মৃত মহিলাগৰাকীৰ নাম হিৰণ্যা দেৱী হাজৰিকা বুলি জানিব পৰা গৈছে৷

    মৃত মহিলাগৰাকী বিশ্বনাথ চাৰিআলিৰ দিৰিং পথাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী৷ শিক্ষকতা কৰা স্বামী বলিন হাজৰিকাক সংকটজনক অৱস্থাত ভৰ্তি কৰা হৈছে তেজপুৰৰ টামছ হস্পিতালত৷ দুৰ্ঘটনাত পতিত হোৱা পৰিয়ালটোৰ ঘৰ বিশ্বনাথ চাৰিআলিৰ লেহুগাঁৱত৷

    Photo Credit: Sayanika Deka

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং