20 C
Guwahati
Saturday, January 29, 2022
More

    Breaking: গুৱাহাটীৰ ৱায়াৰলেছত বিধ্বংসী অগ্নিকাণ্ড, দুটিকৈ শিশুৰ মৃত্যু

    এটি শিশু ৪ বছৰ আৰু আনটি শিশু ৭ বছৰ বুলি জানিব পৰা গৈছে

    গুৱাহাটীৰ বেলতলাৰ সমীপৰ ৱায়াৰলেছত বিধ্বংসী অগ্নিকাণ্ড। দুমহলীয়া অট্টালিকাত বিধ্বংসী জুইৰ সূত্ৰপাত। চিলিণ্ডাৰ বিস্ফোৰণ ঘটি সূত্ৰপাত ঘটে এই অগ্নিকাণ্ডৰ। অগ্নিকাণ্ডৰ সময়ত ঘৰটোত উপস্থিত আছিল দুটি শিশুৰ লগতে আইতাক।

    পিতৃ-মাতৃৰ অনুপস্থিতিত জুইৰ মাজত আবদ্ধ হৈ পৰে দুয়োটি শিশু। পিছত মৃত অৱস্থাত উদ্ধাৰ হয় শিশু দুটিৰ নিথৰ দেহ। তাৰে এটি শিশু ৪ বছৰ আৰু আনটি শিশু ৭ বছৰ বুলি জানিব পৰা গৈছে। শিশু দুটিৰ নাম ঈশাণ গোশ্বামী আৰু ইবন গোশ্বামী।

    অগ্নিদগ্ধ আইতাকগৰাকীক ভৰ্তি কৰোৱা হৈছে গুৱাহাটী মেডিকেল চিকিৎসালয়ত। বৰ্তমানেও অগ্নিনিৰ্বাপক বাহিনী ব্যস্ত অগ্নি নিৰ্বাপিত কৰাত। মহানগৰ আৰক্ষীও ঘটনাস্থলিত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

    Photo : Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং