28 C
Guwahati
Thursday, October 28, 2021
More

    Breaking: কৰ’ণা ভাইৰাছ আতংক: বন্ধ কৰি দিয়া হৈছে এম ভি মহাবাহু ব্ৰহ্মপুত্ৰ ফেৰী আৰু ৰেডিছন ব্লু’ৰ কোঠা

    পুৱাই চিকিৎসকৰ এটা দলে কিছুলোকক কৰ'ণা ভাইৰাছত আক্ৰান্ত হয়নে নহয় পৰীক্ষা কৰিবৰ বাবে উপস্থিত হৈছে নিমাতী ঘাটত

    ভূটানত আমেৰিকাৰ পৰ্যটকৰ দেহত কৰ’ণা ভাইৰাছ পজিটিভ হোৱাৰ পিছতেই তৎপৰ হৈ পৰিছে যোৰহাট জিলা প্ৰশাসন। কিয়নো
    ভূটানত এই ভাইৰাছত ধৰা পৰা আমেৰিকান পৰ্যটকজনে অসমত কটাইছিল কেইবাটাও দিন। যোৰহাটত ২২ ফেব্ৰুৱাৰীত উপস্থিত হৈছিল আৰু তিতাবৰৰ ঠেঙাল ভৱনত কটাইছিল নিশাটো। কাজিৰঙাটো সময় কটাইছিল ভূটানত কৰ’ণা ভাইৰাছ ধৰা পৰা পৰ্যটকজনে।

    ১ মাৰ্চত গুৱাহাটীলৈ আহিছিল লোকজন। মহানগৰীৰ ৰেডিছন ব্লু’ হোটেলতো এনিশা কটাই ৭দিন অসমত থাকি ভূটানলৈ গৈছিল আমেৰিকাৰ পৰ্যটকজন। যাৰ বাবে হোটেল কৰ্তৃপক্ষই এতিয়া পৰ্যটকজন থকা কোঠাটো বন্ধ কৰি দিছে। আৰু ভূটানত উপস্থিত হৈয়ে স্বাস্থ্যৰ অৱনতি হোৱাত পৰীক্ষা কৰোতে ধৰা পৰিছিল দেহত মাৰাত্মক কৰ’ণা ভাইৰাছৰ উপস্থিতি।

    ২৩ ফেব্ৰুৱাৰীত পৰ্যটকজনে এম ভি মহাবাহু ব্ৰহ্মপুত্ৰ নামৰ ফেৰী খনেৰে কাজিৰঙালৈ যাত্ৰা কৰিছিল। বৰ্তমান বিলাসবহুল ফেৰীখন আহি যোৰহাটৰ নিমাতী ঘাটত উপস্থিত হৈছেহি। যোৰহাটত উপস্থিত হোৱাৰ লগে লগে তৎপৰ হৈ পৰিছে যোৰহাট জিলা প্ৰশাসনৰ লগতে স্বাস্থ্য বিভাগ।

    বৰ্তমানে ফেৰীখনত থকা ২২ গৰাকী পৰ্যটক আৰু ফেৰীখনৰ ২৯ গৰাকী কৰ্মচাৰীক পৃথক কৈ ৰখা হৈছে। আনহাতে ঠেঙাল ভৱনৰ সকলো কৰ্মচাৰীকো পৃথককৈ ৰখা হৈছে।

    মাজুলীটো তৎপৰ জিলা প্ৰশাসন। আমেৰিকাৰ পৰ্যটক গৰাকীৰ গাইড হৈ কাম কৰা যুৱকজন স্বাস্থ্য পৰীক্ষাৰ বাবে যোৰহাট লৈ যাত্ৰা।

    পুৱাই চিকিৎসকৰ এটা দলে এই সকল লোক কৰ’ণা ভাইৰাছত আক্ৰান্ত হয়নে নহয় পৰীক্ষা কৰিবৰ বাবে উপস্থিত হৈছে নিমাতী ঘাটত।

    Inputs: Rituraj Phukan And kalpajit Saikia

    photo Credit: @Rituraj Phukan

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং