18.8 C
Guwahati
Saturday, March 25, 2023
More

    Breaking: লখিমপুৰৰ বান্দৰদেৱাত আৰক্ষীৰ বৃহৎ সফলতা, ওৰে নিশা চলা অভিযানত জব্দ লাখ লাখ নিচাজাতীয় টেবলেট

    ড্ৰাগছৰ বৃহৎ সাম্ৰাজ্য অসম-অৰুণাচল সীমান্তত

    মাৰাত্মক ড্ৰাগছৰ বৃহৎ সাম্ৰাজ্য গঢ় লৈ উঠিছে অসম-অৰুণাচল সীমান্তত। লখিমপুৰৰ বান্দৰদেৱাত আৰক্ষীৰ বৃহৎ সফলতা। বান্দৰদেৱাৰ পাৰ্বতীপুৰত উদ্ধাৰ বৃহৎ পৰিমানৰ ড্ৰাগছ আৰু নিচাজাতীয় টেবলেট।

    লখিমপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক শান্তনু দত্ত আৰু উপ আৰক্ষী অধীক্ষক ফাৰুক আহমেদৰ নেতৃত্বত কেইবাটাও স্থানত অভিযান। অভিযানত জব্দ হয় বৃহৎ পৰিমাণৰ হিৰ’ইন আৰু ২৮৮০ টা SPS টেবলেট।

    জব্দ কেবা হাজাৰ কন্টেইনাৰো। লগতে এই অভিযানত ৭০,৫০০ নগদ ধনো জব্দ কৰে আৰক্ষীয়ে। নিষিদ্ধ ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত ৰফিকুল ইছলাম ওৰফে আফতাব, উমেশ যাদৱ ওৰফে দাড়িয়া আৰু ৰীণা দেৱীক গ্ৰেপ্তাৰ আৰক্ষীৰ। উল্লেখ্য যে, বান্দৰদেৱাৰ অলিয়ে-গলিয়ে গঢ় লৈ উঠিছে ড্ৰাগছৰ ৰমৰমীয়া সাম্ৰাজ্য।

    Photo Credit: Hassinur Alom

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং