17 C
Guwahati
Wednesday, January 26, 2022
More

    Breaking: হোজাইৰ ২ অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ড

    ২০১৬ চনৰ ৫ মে'ত হোজাইৰ তেলিবস্তিত সংঘটিত হৈছিল হত্যাকাণ্ড

    হোজাই শংকৰদেৱ নগৰৰ অতিৰিক্ত জিলা ও চেছনচ ন্যায়ধীশ আদালতৰ ৰায়দান । দুই অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ড বিহিলে আদালতে। ২০১৬ চনৰ ৫ মে’ত হোজাইৰ তেলিবস্তিত সংঘটিত হৈছিল হত্যাকাণ্ড। নাৰায়ণ দেৱনাথ নামৰ এজনক ডিঙি ৰেপি হত্যা কৰিছিল গোপাল দেৱনাথ আৰু ধৰণী দেৱনাথে।

    ঘটনাৰ সংক্ৰান্তত ২২১/১৬ নম্বৰত হোজাই থানাত‌ ৰুজু হৈছিল গোচৰ। ৪ বছৰ ধৰি চলা বিচাৰ প্ৰক্ৰিয়াৰ অন্তত আদালতে দিলে ৰায়। ভাৰতীয় দণ্ড বিধি আইনৰ ৪৪৭/৩০২ ধাৰাত গোপাল দেৱনাথ আৰু ধৰণী দেৱনাথক যাৱজ্জীৱন কাৰাদণ্ড। গোচৰত চৰকাৰী পক্ষৰ হৈ যুক্তি দৰ্শাইছিল অধিবক্তা অমৰজ্যোতি শইকীয়াই।

    Photo Credit: @biswajit-chakraborty

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং