27 C
Guwahati
Thursday, September 22, 2022
More

    Breaking: গুজৰাটৰ ৰঘুবীৰ মাৰ্কেটত ভয়ংকৰ অগ্নিকাণ্ড! ২০০ অগ্নিনিৰ্বাপক বাহিনী ব্যস্ত অগ্নি নিৰ্বাপনত

    ৫৭খন বাহনৰ সহায়ত জুই নিৰ্বাপন কৰাৰ চেষ্টা অব্যাহত ৰাখিছে অগ্নিনিৰ্বাপক বাহিনীয়ে

    গুজৰাটৰ ছুৰাটত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ড। চাৰোলী নগৰস্থিত ১০ মহলীয়া ৰঘুবীৰ মাৰ্কেটত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা। মঙলবাৰে পুৱা অট্টালিকাটোৰ চতুৰ্থ মহলাত অগ্নিকাণ্ডৰ আৰম্ভণি, পিছলৈ এই জুই বিয়পি পৰে অন্য মহলালৈও।বৰ্তমানলৈ অগ্নিকাণ্ডটোৰ সূত্ৰপাতৰ কাৰণ জানিব পৰা হোৱা নাই।

    অগ্নিনিৰ্বাপক বাহিনীৰ মুঠ ৫৭খন বাহনৰ সহায়ত জুই নিৰ্বাপন কৰাৰ চেষ্টা অব্যাহত ৰাখিছে অগ্নিনিৰ্বাপক বাহিনীয়ে। কেৱল চাৰোলী নগৰৰে নহয় হাজিৰা ইণ্ডাষ্ট্ৰিয়েল এৰিয়াৰ পৰাও অগ্নিনিৰ্বাপক বাহিনী আহিছে ঘটনাস্থলীলৈ। জুই নিৰ্বাপনৰ বাবে অগ্নিনিৰ্বাপক বাহিনীৰ ২০০ কৰ্মীয়ে অব্যাহত ৰাখিছে চেষ্টা।

    এইপৰ্যন্ত কোনো লোক হতাহতৰ খবৰ অহা নাই। অগ্নিনিৰ্বাপক বাহিনীৰ চেষ্টাৰ পিছতো অট্টালিকাটোৰ নৱম মহলালৈ সম্প্ৰসাৰণ ঘটে জুইৰ।

    Photo cRedit: dnsindia.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং