24 C
Guwahati
Thursday, October 28, 2021
More

    Breaking: মহানগৰীত ভুমি দখলৰ নামত দেগাৰ-পিষ্টল দেখুৱাই উকা কাগজত চহী কৰালে দুৰ্বৃত্তই

    ভুক্তভোগী কেওটে মালিগাঁও আৰক্ষী চকীত ঘটনা সন্দৰ্ভত দাখিল কৰে এজাহাৰ

    নিশাৰ অন্ধকাৰৰ সুযোগ লৈ মহানগৰীৰ মালিগাওঁৰ কল্যান নগৰত সংঘটিত হৈছে এক ঘটনা। ভুমি দখলৰ নামত গৰাকীৰ পৰা জোৰ জুলুমকৈ দেগাৰ-পিষ্টল দেখুৱাই উকা কাগজত চহী দুৰ্বৃত্তৰ দলৰ।

    প্ৰেম লাল কেওট নামৰ লোক জনক নিশা তিনিজনীয়া দলে দিয়ে ভাবুকি। নিশা ঘৰত অতৰ্কিতে প্ৰৱেশ কৰি ভাবুকি প্ৰদান অস্ত্ৰধাৰী দলটোৰ।

    দুৰ্বৃত্তৰ দলটোৰ সদস্য কেইজন ক্ৰমে, জোন লস্কৰ, হিতেশ বৰ্মন আৰু কনক বড়ো বুলি জানিব পৰা গৈছে। নিশা দক্ষিণ ভাৰতীয় আৰ্হিৰ প্ৰেম লাল কেওটৰ ঘৰত প্ৰৱেশ কৰি কেওটক দেগাৰেৰে কেইবাঘাপ দিয়াৰ উপৰিও পিষ্টল দেখুৱাই উকা দলিলত চহী কৰাই লয়।

    প্ৰেম লাল কেওটৰ ভুমি দখলৰ বাবেই এইদৰে দুৰ্বৃত্তৰ দলটোৱে আক্ৰমণ কৰা বুলি জনাই সংবাদ মাধ্যমৰ আগত। ইতিমধ্যে ভুক্তভোগী কেওটে মালিগাঁও আৰক্ষী চকীত ঘটনা সন্দৰ্ভত দাখিল কৰে এজাহাৰ।

    Photo Credit: @dhrubaborah

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং