25.4 C
Guwahati
Thursday, October 14, 2021
More

    Breaking: ভয়াৱহ অগ্নিকাণ্ডৰ পৰা কথমপি ৰক্ষা নলবাৰীৰ এখন গাঁও

    জ্বলি থকা চাকিৰ পৰা অগ্নিকাণ্ডৰ সুত্ৰপাত হোৱাৰ সন্দেহ

    নলবাৰীৰ বৰভাগত ভয়াৱহ অগ্নিকাণ্ড। কথমপি ৰক্ষা পৰিল এখনি গাঁও। অঞ্চলটোৰ উখুৰাৰ বাকেৰকুছি চ’কত সংঘটিত হয় এই অগ্নিকাণ্ড। চ’কটোত থকা পৰেশ ডেকাৰ আঞ্চলিক টেন্ট হাউছত এই জুইৰ আৰম্ভণি।

    পৰেশ ডেকাৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ গুদাম ঘৰত জ্বলি থকা চাকিৰ পৰাই অগ্নিকাণ্ডৰ সুত্ৰপাত হোৱাৰ সন্দেহ স্থানীয় লোক তথা আৰক্ষীৰ। অগ্নিকাণ্ডৰ ফলত ভষ্মীভূত হ’ল চাৰি লক্ষাধিক টকাৰ টেন্ট হাউছত ব্যৱহৃত সামগ্ৰী।

    স্থানীয় ৰাইজৰ সহযোগিতাত জুই সম্প্ৰসাৰিত হোৱাৰ পৰা কথমপি ৰক্ষা পৰে সমগ্ৰ অঞ্চলটো। অগ্নিনিৰ্বাপক বাহিনীৰ লোকে নিৰ্বাপণ কৰে জুই। বৰ্তমানলৈ কোনো হতাহত হোৱাৰ খবৰ প্ৰাপ্ত হোৱা নাই।

    Photo: @hirakdeka

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং