জম্মু-কাশ্মীৰৰ পুলবামাত আৰক্ষী-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ। বৰ্তমানেও অব্যাহত আছে দুয়োপক্ষৰ মাজত প্ৰচণ্ড গুলীয়াগুলী। ২ৰ পৰা ৩জনীয়া সন্ত্ৰাসবাদীক ঘেৰি ধৰিছে ভাৰতীয় সেনা আৰু আৰক্ষীয়ে।
পুলবামাৰ হৰিগাম গাঁৱত চলিছে এই সংঘৰ্ষ। গাঁওখনৰ এটা ঘৰত আত্মগোপন কৰি আছে সন্ত্ৰাসবাদী কেইটাই। বৰ্তমানে ঘৰখনৰ লগতে সমগ্ৰ গাঁওখনেই ঘেৰি ৰাখিছে আৰক্ষী তথা সেনাই।
ভাৰতীয় সেনাৰ তহল আৰু সমগ্ৰ গাঁও ঘেৰি থকা দেখী সন্ত্ৰাসবাদী কেইটাই গুলিচালনা কৰে। ইয়াৰেই প্ৰত্যুত্তৰ হিচাপে আৰতীয় সেনা আৰু আৰক্ষীয়েও গুলিচালনা কৰে সন্ত্ৰাসবাদী কেইটাক টাৰ্গেট কৰি।
আনহাতে জম্মু-কাশ্মীৰত মোকোলাই দিয়া হ’ল ইণ্টাৰনেট সেৱা। মুঠ ৫ মাহৰ পিছত জম্মু-কাশ্মীৰত আৰম্ভ হ’ল ইণ্টাৰনেট সেৱাৰ।
Photo Credit: dw.com (Representative Image)