ৰাজ্যত ৰেল’ৰ খুন্দাত পুনৰ বনৰীয়া হাতীৰ মৃত্যু৷ লামডিং-লামচাখং ৰেল’ৱে ষ্টেচনৰ মাজত ৰেল’ৰ খুন্দাত কৰুণ মৃত্যু হয় বনৰীয়া হাতীৰ৷ ১৩১৭৬ নামনিমুৱা আগৰতলা হাওৰা কাঞ্চনজঙ্ঘা এক্সপ্ৰেছ ৰেল’ৰ খুন্দাত এজনী মাইকী হাতী মৃত্যু হোৱাৰ বিপৰীতে এটি পোৱালী হাতী গুৰুত্বৰভাৱে আহত হয়৷
ঘটনাস্থীলৈ ইতিমধ্যে লামডিং ৰেল’ৱেৰ উচ্চ পদস্থ বিষয়া সহ বনবিভাগৰ দল ৰাওনা হৈছে৷ দুটা বছৰ পূৰ্বেও লামডিং লামচাখং ৰেলৱে ষ্টেচনৰ মাজত ৰেল’ৰ খুন্দাত বহুতো বনৰীয়া হাতীৰ মৃত্যু হৈছিল।
এই ক্ষেত্ৰত ৰেল’ বিভাগ আৰু বন বিভাগে বহুতো সময়ত বৈঠকত মিলিত হৈছিল সমস্যা ৰোধ কৰাৰ বাবে৷ কিন্তু সকলো যেন বিফল হৈ পৰিছে৷ ৰেল বিভাগ সম্পূৰ্ণ ৰূপে ব্যৰ্থ হৈ পৰিছে বনৰীয়া হাতীৰ মৃত্যু ৰোধৰ ক্ষেত্ৰত৷ জানিব পৰা মতে গুৰুত্বৰভাৱে আহত বনৰীয়া হাতীৰ পোৱালীটো চিকিৎসাৰ বাবে লামডিঙলৈ লৈ লৈ অনা হৈছে।
Inputs And Photo: Bappi malakar