15 C
Guwahati
Tuesday, January 25, 2022
More

    BIG BREAKING: শৃংখল চলিহাৰ ঘৰত পুৱাই CIDৰ তালাচী

    হিতেশ শৰ্মাৰ নেতৃত্বত আহিছিল CIDৰ দল, মাতৃৰ ম'বাইল জব্দ কৰিছে CIDৰ দলে

    শৃংখল চলিহাৰ ঘৰত পুৱাই CIDৰ তালাচী। লাচিত সেনাৰ অন্যতম সদস্য শৃংখলৰ মাতৃৰ ম’বাইল জব্দ কৰিছে CIDৰ দলে। CIDয়ে জেৰা চলাইছে শৃংখলৰ পিতৃ প্ৰণবজিৎ চলিহাক। পুৱা ৬.৪৫ বজাৰ পৰা নেতাজনৰ বাসগৃহত তালাচী চিআইডিৰ দলটোৰ। শোৱনি কোঠাকে ধৰি বাসগৃহৰ প্ৰতিটো অংশত তন্নতন্নকৈ তালাচী।

    হিতেশ শৰ্মাৰ নেতৃত্বত আহিছিল CIDৰ দল। লগত আছিল শিৱসাগৰ আৰক্ষী সহ CRPFৰ বৃহৎ দল। ঘৰ ঘেৰাও কৰি সন্ত্ৰাসৰ সৃষ্টি কৰে।ঘৰখন চলাথ কৰি তালাচী চলাই। আৰক্ষী -চিআৰপিএফৰে পৰিবেষ্টিত চিআইডিৰ এটা বৃহৎ দলে তালাচী চলাই নেতাজনৰ শিৱসাগৰৰ ফুকন নগৰস্থিত বাসগৃহত। পিতৃৰ ভাষ্য এইয়া চৰকাৰী সন্ত্ৰাসবাদ তথা ভয় খুওৱাৰ নিকৃষ্ট প্ৰয়াস। CAA ৰ বিৰোধিতাৰে আজি সন্ধিয়া ৬ বজাৰ পৰা ৮ বজালৈ “নিষ্প্রদীপ-কলা দিৱস” পালন কৰিবলৈ ৰাইজক আহ্বান জনাইছে। ঘৰ ,বজাৰ,গাড়ী মটৰ সকলোৰে লাইট দুঘন্টাৰ বাবে নুমুৱাই ৰাইজক “নিষ্প্রদীপ-কলা দিৱস” পালন কৰাৰ আহ্বান।

    উল্লেখ্য যে সংবাদ মাধ্যমক মন্তব্য কৰাৰ পৰা বিৰত গুৱাহাটীৰ পৰা অহা বৃহৎ চি আইডিৰ দলটোৰ। লগতে কা বিৰোধী আন্দোলনৰ নেতা শৃংখল চলিহাক চিআইডিয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত বৰ্তমান নেতাগৰাকী চিআইডিৰ জিম্মাত ৰখা হৈছে।

    Photo Credit: @sanjaypareek

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং