23.4 C
Guwahati
Wednesday, October 20, 2021
More

    Breaking: বিনোদ হাজৰিকা-ৰণজিৎ দাসৰ কনভয়ে মহতিয়ালে আছু কৰ্মীক, দুয়োগৰাকীকে ক’লা পতাকা প্ৰদৰ্শন

    বিধায়ক হাজৰিকাৰ কনভয়ে মহতিয়াই নিয়াৰ ফলত গুৰুতৰভাৱে আহত হৈছে এজন আছু কৰ্মী

    চাবুৱাত প্ৰতিবাদকাৰীৰ মাজত আৱদ্ধ বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ দাস আৰু বিধায়ক বিনোদ হাজৰিকা। শতাধিক আছু প্ৰতিবাদকাৰীয়ে ক’লা পতাকা প্ৰদৰ্শন কৰে দুয়োগৰাকী বিজেপি নেতাকে। ৰণজিৎ দাসৰ প্ৰতিকৃতিও দাহ কৰে প্ৰতিবাদকাৰীয়ে। লগতে কনভয়ৰ লগত অহা অন্য এগৰাকী বিজেপি নেতা সুভাষ দত্তই ৰাজপথত নামি যাবলৈ বাধ্য হয়।

    আনহাতে বিধায়ক বিনোদ হাজৰিকাৰ কনভয়ে মহতিয়াই নিয়াৰ চেষ্টা প্ৰতিবাদকাৰী আছু কৰ্মীক। ৰণজিৎ দাসৰ বাহনেও প্ৰতিবাদকাৰীক মহতিয়াই নিয়াৰ চেষ্টা কৰে। বিধায়ক হাজৰিকাৰ কনভয়ে মহতিয়াই নিয়াৰ ফলত গুৰুতৰভাৱে আহত হৈছে এজন আছু কৰ্মী। ইয়াকে লৈ আছু কৰ্মী আৰু বিজেপি কৰ্মীৰ মাজত হতাহতি।

    Photo: Abdul Rajjak

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং