27 C
Guwahati
Monday, October 3, 2022
More

    Breaking: প্ৰীতিভোজ খাবলৈ গৈ ক’লা পতাকাৰ সন্মুখীন বলিন চেতিয়া, প্ৰদান বৰুৱা আৰু জয়ন্তমল্ল বৰুৱা

    ড০ ভুপেন হাজৰিকা সেঁতুৰ তলত এখন প্ৰীতিভোজত অংশগ্ৰহণ কৰিবলৈ আহিছিল নেতাকেইগৰাকী

    শদিয়াত প্ৰীতিভোজ খাবলৈ গৈ ক’লা পতাকাৰ সন্মুখীন বলিন চেতিয়া, প্ৰদান বৰুৱা আৰু জয়ন্তমল্ল বৰুৱা। ৰাজ্যৰ চৌদিশে কা বিৰুদ্ধে আন্দোলন হৈ থকাৰ মাজতে শদিয়া সমষ্টিৰ ধলাত স্থানীয় সাংসদ, বিধায়ক আৰু পৰ্যটন বিভাগৰ অধ্যক্ষক ক’লা পতাকা প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰে আছুৱে৷

    ড০ ভুপেন হাজৰিকা সেঁতুৰ তলত এখন প্ৰীতিভোজত অংশগ্ৰহণ কৰিবলৈ আহিছিল নেতাকেইগৰাকী৷ বিধায়ক বলিন চেতিয়া, সাংসদ প্ৰদান বৰুৱা আৰু পৰ্যটন বিভাগৰ অধ্যক্ষ জয়ন্তমল্ল বৰুৱাক ৰাষ্ট্ৰীয় ঘাইপথত আগভেটি ক’লা পতাকা প্ৰদৰ্শন প্ৰতিবাদী আছু কৰ্মীৰ৷

    শ শ নিৰাপত্তা ৰক্ষীৰ মাজৰে পাৰ হৈ যোৱা কনভয়ৰ লগতে প্ৰীতিভোজলৈ অহা অন্য বহু বিজেপি কৰ্মীকো ক’লা পতাকা প্ৰদৰ্শন কৰে শদিয়া ছাত্ৰ সন্থাই ৷ ড০ ভুপেন হাজৰিকা সেতুক পৰ্যটন বিভাগৰ তৰফৰ পৰা বিশেষ উদ্যোগ গ্ৰহণ কৰিব নোৱাৰা পৰ্যটনৰ অধ্যক্ষ জয়ন্তমল্ল বৰুৱা শদিয়াত অহাৰ নৈতিক অধিকাৰ নাই বুলি ক্ষোভ উজাৰে আছুৰ কৰ্মকৰ্তা সকলে৷

    Photo : Abdul Rajjak

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং