23 C
Guwahati
Thursday, October 28, 2021
More

    সংগ্ৰাম অব্যাহত থাকিব, জে’ল আমাৰ দ্বিতীয় ঘৰ: শৃংখল চলিহা

    গুৱাহাটী পালেহি বীৰ লাচিত সেনাৰ নেতাগৰাকী

    কাৰাগাৰৰ পৰা মুক্তি পায়ে গুৱাহাটীত উপস্থিত বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা। ২০ দিনৰ মূৰত কাৰাগাৰৰ পৰা মুক্ত হ’ল শৃংখল চলিহা। মুকলি আকাশৰ তললৈ আহিয়ে শৃংখলৰ প্ৰথম প্ৰতিক্ৰিয়া। চৰকাৰে আকৌ জে’ললৈ পঠিয়ালেও সংগ্ৰাম অব্যাহত থাকিব, জে’ল আমাৰ দ্বিতীয় ঘৰ বুলি মন্তব্য কৰে শৃংখলে। অগপ দলৰ ক্ষেত্ৰতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, অসমত যে কোনো অগপ নামৰ দল আছে তেওঁ নাভাবেই।

    বৰপেটাৰ কাৰাগাৰৰ পৰা জামিনত মুক্তি পালে বীৰ লাচিত সেনাৰ নেতাগৰাকীয়ে। মুক্তি পাইয়ে গুৱাহাটীত উপস্থিত হৈ এনেদৰে মন্তব্য আগবঢ়ায়। লগতে ইয়াকো কয় যে চৰকাৰে আকৌ জেললৈ পঠিয়ালেও উপাই নাই, ‘কা’ৰ বিৰুদ্ধে কিন্তু সংগ্ৰাম অব্যাহত থাকিব। অসমত কোনো কাৰণতে বাংলা ভাষা চলিবলৈ দিয়া নহ’ব। এতিয়াও সময় থকা বুলি কৈ চৰকাৰক ‘কা’ বাতিলৰ বাবে অনুৰোধ জনাই শৃংখলে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং