25 C
Guwahati
Thursday, October 21, 2021
More

    Breaking: অসম মণিপুৰ সীমান্তত হেৰ’ইনসহ ৩ মণিপুৰী ড্ৰাগছ সৰবৰাহকাৰী আটক

    জব্দ হোৱা হেৰ'ইন খিনিৰ বজাৰ মূল্য প্ৰায় ১০ লাখ টকা হ'ব বুলি জানিব পৰা গৈছে

    অসম মণিপুৰ সীমান্ত জিৰিঘাটত হেৰ’ইনসহ আটক মণিপুৰৰ তিন ড্ৰাগছ সৰবৰাহকাৰী। গোপন সূত্ৰৰ ভিত্তিত লক্ষীপুৰৰ SDPO অনুৰাগ শৰ্মা আৰু জিৰিঘাটৰ অচি সৌমাৰ ৰয়ে জিৰিঘাটৰ লবণখালত চলাইছিল এক তালাচি অভিযান। সেই অভিযানতেই AS 11 CC 5034 নম্বৰৰ এখন আটোৰ পৰা প্ৰায় ৬০ গ্ৰাম হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটোৱে৷

    হেৰ’ইন সৰবৰাহকাৰী দলটোত এগৰাকী মহিলাসহ মুঠ তিনজন লোকক আটক কৰে আৰক্ষীয়ে৷ ধৃত কেইজনৰ নাম Len Singso, Themnu Singson আৰু Esak Hmar বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে৷ আটাইকেইজনৰ ঘৰ চুবুৰীয়া মণিপুৰ ৰাজ্যত৷ জব্দ হোৱা হেৰ’ইন খিনিৰ বজাৰ মূল্য প্ৰায় ১০ লাখ টকা হ’ব বুলি জানিব পৰা গৈছে৷ বৰ্তমানে আৰক্ষীয়ে ধৃত কেইজনক জেৰা অব্যাহত ৰাখিছে৷

    Photo Credit: @yasinmazumder

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং