25 C
Guwahati
Thursday, October 21, 2021
More

    ‘কা’ জাপি দিলে অসমতো ত্ৰিপুৰাৰ দৰে মুখ্যমন্ত্ৰী হ’ব এজন বাংলাদেশী:প্ৰফুল্ল মহন্ত

    অনতিপলমে অসম গণ পৰিষদৰ নেতৃত্বৰ পৰিৱৰ্তনো দেখা পাব অসমৰ লোকে

    নাগৰিকত্ব সংশোধনী আইনক লৈ পুনৰ প্ৰফুল্ল মহন্তৰ বিস্ফোৰণ। ‘কা’ জাপি দিলে উত্তৰ পূৱৰ লোক ত্ৰিপুৰাৰ দৰে সংখ্যালঘুত পৰিণত হ’ব। থলুৱা লোকে ভাষা-সংস্কৃতি, ৰাজনৈতিক অধিকাৰ সকলো হেৰুৱাব। ১৯৪৯ চনত ভাৰতৰ লগত চামিল হোৱাৰ পিছত ত্ৰিপুৰাৰ জনগাঁথনি সলনি হ’ল। পিছে বাংলাদেশী প্ৰব্ৰজনে ত্ৰিপুৰী লোকৰ সকলো অধিকাৰ কাঢ়ি নিলে। শেষত গৈ ত্ৰিপুৰাত মুখ্যমন্ত্ৰীৰ পদতো অধিস্থিত হ’ল এগৰাকী বাংলাদেশীলো.

    অসম গণ পৰিষদৰ নেতৃত্বৰ পৰিৱৰ্তনক লৈয়ো মন্তব্য প্ৰফুল্ল মহন্তৰ। এই ‘কা’ৰ সমৰ্থন আৰপ বিৰোধিতা লৈ এতিয়া অসমৰ আঞ্চলিক দলটোৰ মাজতো বিভাজন আহি পৰিছে। আনকি বহু জিলা সমিতিয়ে বিচাৰিছে দলটোৰ নেতৃত্বৰ পৰিৱৰ্তন। সেয়ে অনতিপলমে নেতৃত্বৰ পৰিৱৰ্তনো দেখা পাব অসমৰ লোকে।

    ‘আমি সন্ত্ৰাসবাদীৰ সহায়ত চৰকাৰ গঠন কৰা নাই, বৰঞ্চ সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমি যুঁজ কৰিছো। তেওঁলোকে বহু নীৰিহ অসমীয়া লোকক হত্যা কৰিছে। আনকি নগেন শৰ্মাৰ দৰে লোককো আমি হেৰুৱাবলগীয়া হৈছে।’ শেষত পৰেশ বৰুৱা প্ৰসংগতো এনেদৰে মন্তব্য আগবঢ়াই মহন্তই।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং