ক্ষমতায়ে মূৰত ধৰা বিজেপি নেতাৰ প্ৰতিমূৰ্তি দাহ সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ। ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামক উদ্দেশ্যি বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সভাপতি মমিনুল আৱালে বাংলাদেশীৰ জাত বুলি গালি পৰা কাণ্ডৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ।
নাগৰিকত্ব সংশোধনী আইন বাতিলক লৈ সমগ্ৰ অসম উত্তাল হৈ থকাৰ সময়তে মমিনুল আৱালৰ এই মন্তব্যত আৰু অধিক প্ৰতিবাদমুখৰ কৰি তুলিছে সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সদস্য সকলক। সংগঠনটোৰ সদস্য সকলে জুৰীয়া বজাৰত ক্ষমতাৰ ৰাগীত মতলীয়া হোৱা নেতাজনৰ পুত্তলিকা চোচৰাই দাহ কৰাৰ লগতে মমিনুল আৱালক সংখ্যালঘু এলেকাত নাঙঠ কৰি পিতন দিয়া হ’ব বুলিও হুংকাৰ দিয়ে। লগতে দালাল, পাগল বুলিও আখ্যা দিয়ে বিজেপিৰ নেতাগৰাকীক।
Photo: @muksidulhoque