27 C
Guwahati
Thursday, October 14, 2021
More

    Breaking: হোলীৰ দিনাই আৰক্ষী জোৱানক হত্যা কৰি ৰাজপথ ৰাঙলী দুৰ্বৃত্তৰ

    ৰাজপথত উদ্ধাৰ আৰক্ষী জোৱানজনৰ ক্ষত-বিক্ষত মৃতদেহ

    ৰঙৰ উৎসৱ হোলীৰ দিনটোতেই ৰাজপথ ৰাঙলী হ’ল আৰক্ষী জোৱানৰ তেজেৰে। এই লোমহৰ্ষক হত্যাকাণ্ড সংঘটিতত হৈছে অভয়াপুৰীৰ সোনাখুলিত।

    বৰ্তমানে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সোনাখুলিত। মূৰত কোবাই হত্যা কৰিলে এগৰাকী আৰক্ষীৰ জোৱানক৷ ৰাজপথত উদ্ধাৰ আৰক্ষী জোৱানজনৰ ক্ষত-বিক্ষত মৃতদেহ।

    প্ৰত্যক্ষদৰ্শীয়ে মৃতদেহটোৰ বিষয়ে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আহি উপস্থিত হয় আৰক্ষীৰ এটা দল। মৃতদেহটো অভয়াপুৰীৰ কৰুণা ৰায় বুলি চিনাক্ত কৰে আৰক্ষীয়ে। আৰক্ষীৰ দলটোৰ লগত ঘটনাস্থলীত উপস্থিত SP সিংহৰাম মিলি।

    মৃত কৰুণা ৰায় উত্তৰ শালমাৰা আৰক্ষী চকীৰ কৰ্তব্যৰত আৰক্ষী জোৱান আছিল। মৃতদেহৰ শৰীৰত আঘাতৰ চিন স্পষ্ট। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ। পিছে বৰ্তমানলৈ হত্যাকাৰী সন্দৰ্ভত কোনো তথ্য লাভ কৰা নাই আৰক্ষীয়ে।

    Inputs and Photo Credit: Prasanta Ray

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং