28 C
Guwahati
Tuesday, October 4, 2022
More

    Breaking: অৰুণাচল প্ৰদেশৰ নামচাইত ভয়াৱহ পথ দুৰ্ঘটনা, ৬ জন নিহত

    বৰ্তমানলৈ মৃতদেহকেইটা চিনাক্তকৰণ হোৱা নাই

    অৰুণাচল প্ৰদেশৰ নামচাইৰ দুই মাইলত সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা। এই ভয়ানক পথ দুৰ্ঘটনাত ছয় জন লোক নিহত হোৱাৰ লগতে দুজন গুৰুত্বভাৱে আহত হয়।

    জানিব পৰা মতে নিশাৰ ভাগত অৰুণাচল প্ৰদেশৰ ছৌখামৰ পৰা বিয়া খাই AS 01 T-8555 নম্বৰৰ এখন চেন্ট্ৰ’ গাড়ীৰে আহি আছিল। তীব্ৰ বেগে আহি থকাৰ সময়তে নামচাইৰ দুই মাইলৰ ৰাষ্ট্ৰীয় ঘাই পথৰ নিচেই কাষতে পূৰ্বৰ পৰা ৰৈ থকা কাঠ ভৰ্তি এখন বলেৰ’ পিকাপ বাহনত খুন্দা মাৰে।

    খুন্দা মৰাৰ ফলত ঘটনাস্থলীতে চাৰি জন লোকৰ মৃত্যু হোৱাৰ লগতে আন দুজন নামচাইৰ চিকিৎসালয়ত পুৱতিনিশা মৃত্যু হয়। ইয়াৰে এগৰাকী আছে ১৩/১৪ বছৰীয়া ছোৱালী আৰু এটি কেচুঁৱা। বৰ্তমানলৈ মৃত লোক কেইজনক নামচাই আৰক্ষীয়ে চিনাক্ত কৰিব পৰা নাই যদিও নামচাইৰ হাবি গাঁৱৰ বুলি সন্দেহ ব্যক্ত কৰিছে।

    Photo Credit: Abdul Rajjak

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং