30 C
Guwahati
Tuesday, September 27, 2022
More

    Breaking: ৫টা দুৰ্ধৰ্ষ চোৰক গ্ৰেপ্তাৰ মহানগৰীৰ চানমাৰী আৰক্ষীৰ

    ধৃত চোৰ কেইটাৰ পৰা উদ্ধাৰ হৈছে আশ্ৰমখনৰ বহু পুৰণি কাঁহ-পিতলৰ সামগ্ৰী। ইয়াৰ উপৰিও আৰক্ষীয়ে উদ্ধাৰ কৰিছে ৪টাকৈ মোবাইল ফোন

    লকডাউনৰ মাজতে মহানগৰীত চোৰৰ টিঘিলঘিলনি। গুৱাহাটীৰ চানমাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ৫টাকৈ দুৰ্ধর্ষ চোৰক। শিলপুখুৰীস্থিত পঞ্চবতী আশ্ৰমৰ পৰা ২৭এপ্ৰিলত সংঘটিত হোৱা চুৰিকাণ্ডত জড়িত আছিল ধৃত চোৰকেইটা। এই কথা আৰক্ষীৰ জেৰাত প্ৰকাশ কৰা বুলি উল্লেখ কৰিছে চানমাৰী আৰক্ষীয়ে।

    আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি বুধবাৰে পৃথকে পৃথকে গ্ৰেপ্তাৰ কৰিছিল গান্ধীবস্তি ৰে’ল লাইনৰ সমীপৰ পৰা ধৃত চোৰ কেইটাক। ধৃত ছাফিকুল ইছলাম(২৮) ধুবুৰী বেপাৰীপট্টি, মেহবুব আলী(১৯) মানকাচৰ, জাহিৰুল আলী(১৯) বৰপেটা কলগাচিয়া আৰু কাইম আলী(১৮) ধুবুৰীৰ বেপাৰীপট্টি। আনহাতে গ্ৰেপ্তাৰ হোৱা এটা চোৰ ১২বছৰীয়া নাবালক ঘৰ দৰং জিলাৰ নিমতুলীত।

    ধৃত চোৰ কেইটাৰ পৰা উদ্ধাৰ হৈছে আশ্ৰমখনৰ বহু পুৰণি কাঁহ-পিতলৰ সামগ্ৰী। ইয়াৰ উপৰিও আৰক্ষীয়ে উদ্ধাৰ কৰিছে ৪টাকৈ মোবাইল ফোন। ধৃত চোৰ কেইটাক গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং