23 C
Guwahati
Thursday, March 30, 2023
More

    Breaking: দিল্লী ৰে’ল ষ্টেচনত বাক্সা আৰক্ষীৰ অভিযানত উদ্ধাৰ অসমৰ ৩ কিশোৰী

    সম্প্ৰতি ডুমুনী আৰক্ষীৰ জিম্মাত কিশোৰী কেইগৰাকী

    দিল্লী ৰে’ল ষ্টেচনত বাক্সা আৰক্ষীৰ অভিযান৷ ডুমুনী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আনোৱাৰ হুছেইনৰ নেতৃত্বত চলে এই অভিযান৷ অভিযানত উদ্ধাৰ তিনি গৰাকীকৈ বাক্সাৰ কিশোৰী৷ আৰক্ষীয়ে জনোৱা অনুসৰি কিশোৰী কেইগৰাকীৰ নাম ক্ৰমে শিশিলিৱা কুজুৰ(১৭), পিংকী মুণ্ডা(১৬) আৰু ৰশ্মি লাক্ৰা(১৫)৷

    ৰঙিয়া ষ্টেচনৰ পৰা ৰে’ল যোগে দিল্লীলৈ কাম কৰিবলৈ যোৱা বুলি তিনিও গৰাকী নাবালিকাই প্ৰকাশ কৰে৷ অৱশ্যে দুষ্ট চক্ৰই বিক্ৰী কৰাৰ বাবে তিনিও গৰাকী কিশোৰীক নিয়াৰ সংন্দেহ৷ ইতিমধ্যে পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তিনি নাবালিকাকক উদ্ধাৰ কৰে৷ সম্প্ৰতি ডুমুনী আৰক্ষীৰ জিম্মাত কিশোৰী কেইগৰাকী৷ কিশোৰী কেইগৰাকীৰ ঘৰ ডুমুনীত৷

    Photo Credit: @nandaburathokichetry

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং