নৱ শৰণীয়াৰ বিস্ফোৰক মন্তব্য। ২০২৫ৰ নিৰ্বাচনত পুলিয়ে পোখাই উভালিব হাগ্ৰামা মহিলাৰীক। মহিলাৰীৰ ঠাইত আগন্তুক BTC চিফ হ’ব প্ৰমোড বড়ো। ইতিমধ্যে সাজু হৈছে ৩০ৰ পৰা ৪০ খন আসন দখলৰ ৰণ কৌশল।
BTADত হোৱা হিংসাত্মক ঘটনা সন্দৰ্ভত চিবিআইৰ তদন্তৰ দাবী সাংসদ শৰণীয়াৰ। শান্তি চুক্তি হোৱা পিছতো BTCত হোৱা হিংসাত্মক ঘটনাই ইয়াৰ অস্থিৰতাৰ কথা পোহৰলৈ আনিছে।
সেয়ে জনসাধাৰণে এইবাৰ নিজৰ প্ৰধান নিৰ্বাচন কৰাত ভুল নকৰে। ২০২৫ৰ BTC নিৰ্বাচনত প্ৰমোড বড়ো BTCৰ প্ৰধান হোৱাটো প্ৰায় খাটাং। লগতে প্ৰমোড বড়োৰ UPPLত যোগদানক আদৰণি জনাই শৰণীয়াই।
Photo: Time8