16 C
Guwahati
Friday, January 14, 2022
More

    Breaking: ম্যানমাৰৰ পৰা বেংগালুৰুলৈ নিয়া অৱস্থাত ১লাখ টকাৰ হেৰ’ইন জব্দ গুৱাহাটী ৰেল’ ষ্টেচনত

    লগতে ৰেল' ষ্টেচনত জব্দ ১১ কেজি নিষিদ্ধ গাঞ্জাও

    গুৱাহাটী ৰেল’ ষ্টেচনত বৃহৎ পৰিমাণৰ হেৰ’ইন জব্দ। ম্যানমাৰৰ পৰা লৈ অনা অৱস্থাত ৰেল’ আৰক্ষীয়ে জব্দ কৰে হেৰ’ইন সৰবৰাহকাৰী আব্দুল মজিদক। প্ৰায় ১ লাখ টকা মূল্যৰ হেৰ’ইন খিনি বেংগালুৰুলৈ নিবলৈ আনিছিল আব্দুলে।

    গুৱাহাটী ৰেল’ ষ্টেচনত নামণিমুৱা কামৰূপ এক্সপ্ৰেছত উঠিবলৈ লওঁতেই চৰকাৰী ৰেল’ আৰক্ষীয়ে ধৰা পেলায় সৰবৰাহকাৰী জনক।

    আনহাতে ৰেল’ ষ্টেচনত জব্দ কৰা হয় নিষিদ্ধ গাঞ্জাও। নামণিমুৱা ৰাজধানী এক্সপ্ৰেছৰ ডবা নং-A1ৰ পৰা জব্দ গাঞ্জা খিনি।প্ৰায় ৯০ হাজাৰ টকা মুল্যৰ হ’ব জব্দ কৰা গাঞ্জাখিনি।

    অৱশ্য ১১ কেজি গাঞ্জাৰ সৈতে কোনো লোককে ধৰিবলৈ সক্ষম নহল আৰক্ষী। আৰক্ষীক দেখিয়েই হয়তো গাঞ্জাখিনি এৰি পলায়ন কৰে সৰবৰাহকাৰীয়ে।

    Photo Credit: @smitaranideka

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং